1. আজি মধ্যপ্ৰদেশৰ গো কেবিনেটত গৰুৰ উপকাৰিতা সন্দৰ্ভত আলোচনা কৰা হ’ব
আজি গো কেবিনেটৰ প্ৰথমখন বৈঠকত গৰুৰ উপকাৰিতা আৰু সংৰক্ষণ সন্দৰ্ভত আলোচনা কৰা হ’ব ৷
ৰাজ্যখনত 1,200 টা গোশালয়ৰ বাবে পৰ্যাপ্ত ধন প্ৰয়োগ কৰাৰ ক্ষেত্ৰত আৰু প্ৰায় 2,400 টা গোশালয় নিৰ্মাণৰ সুবিধা প্ৰদানৰ হেতু এই বৈঠক অনুষ্ঠিত হ’ব ৷
2. আজি ভিজাগ চিৰিয়াখানাত আয়োজন কৰা হৈছে বাৰ্ড ৱাক চিৰিজ
বিচাখাপট্টনম চিৰিয়াখানাত আজি এটি বাৰ্ড ৱাক চিৰিজৰ আয়োজন কৰা হৈছে ৷ চিৰিয়াখানাত পক্ষীৰ আৱিস্কাৰ আৰু চিৰিয়াখানাৰ পক্ষী সম্পদৰ প্ৰশংসাৰ বাবে এই চিৰিজৰ আয়োজন কৰা হৈছে ৷
বিচাখাপট্টনমস্থিত ইন্দিৰা গান্ধী জৈৱিক উদ্য়ানত 100 টাতকৈও অধিক প্ৰজাতিৰ পক্ষী আছে ৷ চিৰিয়াখানাত থকা পক্ষীবোৰক দৰ্শকসকলৰ তত্বাৱধানত চিকিৎসা প্ৰদান কৰা হ’ব ৷ বাৰ্ড ৱাক্ চিৰিজৰ প্ৰথম সংস্কৰণৰ সময়সীমা পুৱা 6 বজাৰ পৰা 8 বজালৈ আৰু প্ৰতিটো টিকটৰ মূল্য় 200 টকা ৷
প্ৰতিটো সংস্কৰণত 20 গৰাকীকৈ দৰ্শকক দৰ্শনৰ অনুমতি প্ৰদান কৰা হৈছে ৷ লগতে সকলোৱে ক’ভিড প্ৰট’কল মানি চলিব লাগিব ৷