1. আজি ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীৰে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
আজি ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীৰে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
![Important national events to look for today](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8964178_1.jpg)
আজি ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকচনৰ সৈতে এক ভাৰ্চুৱেল বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ দুয়ো দেশৰ দ্বিপাক্ষিক ৰাজনৈতিক দিশসমূহক শক্তিশালী কৰাৰ লক্ষ্যৰে এই বৈঠকত মিলিত হ’ব দুয়ো ৷
2. ডেৰাডুনৰ IMAত দুটাকৈ সুৰংগৰ আধাৰশিলা উন্মোচন কৰিব প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে
ডেৰাডুনৰ IMAত দুটাকৈ সুৰংগৰ আধাৰশিলা উন্মোচন কৰিব প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে
![Important national events to look for today](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8964178_4.jpg)
আজি প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে ডেৰাডুনৰ ভাৰতীয় সামৰিক অকাডেমীৰ চৌহদত থকা দুটাকৈ সুৰংগৰ আধাৰশিলা উন্মোচন কৰিব ৷ দিনৰ 3.30 বজাত এই ভাৰ্চুৱেল উদ্বোধনী সভাত উপস্থিত থাকিব উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱট ৷
3. মুলতানী ঘটনাঃ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান চাইনীক অনুসন্ধানত যোগদানৰ অনুমতি পাঞ্জাৱ আৰক্ষীৰ
মুলতানী ঘটনাঃ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান চাইনীক অনুসন্ধানত যোগদানৰ অনুমতি পাঞ্জাৱ আৰক্ষীৰ
![Important national events to look for today](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8964178_3.jpg)
1991 চনত বলৱন্ত সিং মুলতানী সন্ধানহীন ঘটনাৰ অনুসন্ধানত যোগদানৰ বাবে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান সুমেধ সিং চাইনীক চমন জাৰি কৰিছে পাঞ্জাৱ আৰক্ষীয়ে ৷ আজি দিনৰ 11 বজাত মাতাউৰ আৰক্ষী চকীত বিশেষ অনুসন্ধানকাৰী দলৰ অনুসন্ধানত পুনৰ সহযোগ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান গৰাকীক ৷
4. আজি আলং শ্বিপ ব্ৰেকিং য়াৰ্ডত পঠিওৱা হ’ব আইএনএচ বিৰাটক
আজি আলং শ্বিপ ব্ৰেকিং য়াৰ্ডত পঠিওৱা হ’ব আইএনএচ বিৰাটক
![Important national events to look for today](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8964178_2.jpg)
বিশ্বৰ সবাতোকৈ পুৰণি যুদ্ধ জাহাজ আইএনএচ বিৰাট(INS Viraat)ক আজি আলং শ্বিপ ব্ৰেকিং য়াৰ্ডলৈ পঠিওৱা হ’ব ৷ এই সমগ্ৰ কাৰ্যত প্ৰায় আঢ়ৈ ঘন্টা সময়ৰ প্ৰয়োজন হ’ব ৷
লগতে পঢ়ক-কৃষক বিধেয়কত সন্মতি প্ৰদান ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ