1. ৰাণী লক্ষ্মীবাই কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় গৃহ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি দিনৰ 12.30 বজাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উদ্বোধন কৰিব ৰাণী লক্ষ্মীবাই কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় গৃহ ৷
2. কন্টেইনমেন্ট জ'নত 30 ছেপ্টেম্বৰ পৰ্যন্ত লকডাউন বৃদ্ধি ঝাৰখণ্ড চৰকাৰৰ
কন্টেইনমেন্ট জ'নত COVID-19 লকডাউন 30 ছেপ্টেম্বৰ পৰ্যন্ত বৃদ্ধি ঝাৰখণ্ড চৰকাৰৰ ৷ চৰকাৰৰ নিৰ্দেশ অনুসৰি, কন্টেইনমেন্ট জ'নৰ বাহিৰতহে সকলো অৰ্থনৈতিক কাৰ্যকলাপ সংঘটিত কৰিব পৰা যাব ৷

3. বিহাৰৰ বিজেপি সাংসদ, জ্যেষ্ঠ নেতাৰে বিধানসভা নিৰ্বাচনৰ কোচকাৱাজ সম্পৰ্কত বৈঠকত বহিব বিজেপি প্ৰধান
বিজেপি প্ৰধান জে. পি. নাড্ডাই বিহাৰৰ বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন কৌশল আৰু গ্ৰহণ কৰিবলগা ব্যৱস্থা সম্পৰ্কত আলোচনাৰ বাবে এখন বৈঠকৰ আয়োজন কৰিছে ৷ এই বৈঠকত উপস্থিত থাকিব বিহাৰৰ বিজেপি সাংসদ তথা জ্যেষ্ঠ নেতাসকল ৷

4. ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু দুঃসাহসিক অভিযান এৱাৰ্ড, 2020 ৰ ভাৰ্চুৱেল ইভেন্টত উপস্থিত থাকিব 60 বঁটা বিজয়ী
আজি অনুষ্ঠিত হ'বলগা ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু দুঃসাহসিক অভিযান এৱাৰ্ড, 2020 ৰ ভাৰ্চুৱেল ইভেন্টত উপস্থিত থাকিব 60 গৰাকী বঁটা বিজয়ী ৷ ভাৰ্চুৱেল প্ৰক্ৰিয়াৰেই দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে বঁটা প্ৰদান কৰিব বিজয়ীসকলক ৷

5. ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি অনুৰাগীৰে মিলিত হ'ব ভাৰতীয় পুৰুষ আৰু মহিলা হকী দল
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি অনুৰাগীসকলৰ সৈতে মিলিত হ'বলৈ উৎসাহিত হৈ আছে ভাৰতীয় পুৰুষ আৰু মহিলা হকী দল ৷ এই অনুষ্ঠানৰ জৰিয়তে হকী খেলুৱৈসকলে অনুৰাগীসকলক প্ৰেৰণা দিয়াৰ চেষ্টা কৰিব ৷

লগতে পঢ়ক : জম্মু-কাশ্মীৰৰ পুলৱামাত নিহত 3 সন্ত্ৰাসবাদী