1. দুৰ্গা নিলম্বন সন্দৰ্ভত আজি শুনানি গ্ৰহণ কৰাৰ আশা প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ
আজি উচ্চতম ন্যায়ালয়ত উত্থাপন হ'ব প্ৰশাসনিক বিষয়ববীয়া দুৰ্গা শক্তি নাগপালৰ নিলম্বনৰ বিষয় ৷ সোমবাৰে বিষয়াগৰাকীৰ বিৰুদ্ধে তদন্তৰ দাবী কৰে ৷ নাগপালে তেখেতৰ সহযোগী আইএএছ কৰ্মীসকলৰ লগত সহযোগ কৰাৰ বাবেই বিষয়াগৰাকীক নিলম্বন কৰে ৷

2. আজিৰ পৰা 16 আগষ্টলৈ বন্ধ থাকিব এলাহবাদ উচ্চ ন্যয়ালয়
2020 চনৰ 12 আগষ্টৰ পৰা 16 আগষ্টলৈ বন্ধ থাকিব প্ৰয়াগৰাজ আৰু লক্ষ্নৌৰ বিচাৰপীঠ ৷ প্ৰয়াগৰাজ তথা লক্ষ্নৌ চহৰত বৃদ্ধি পোৱা মহামাৰী কৰ'ণা সংক্ৰমণৰ বাবেই উচ্চ ন্যায়ালয় বন্ধ থাকিব বুলি ঘোষণা কৰে ৷

3. Franklin Templeton ৰ ওপৰত আজি শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ
কৰ্ণাটক উচ্চ ন্যায়ালয়ে সদৰি কৰে যে, আজি Franklin Templetonৰ ছয়টা মিউছুৱেল ফাণ্ডৰ আঁচনিৰ সমাপ্ত আৰু প্ৰত্যাহ্বান দিয়া আৱেদনৰ ওপৰত শুনানি গ্ৰহণ কৰিব ৷

4. আজি ভাৰ্ছুৱেল মিটত অংশগ্ৰহণ কৰিব উৰিষ্যা মন্ত্ৰীমণ্ডলে
মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ অধ্যক্ষতাত উৰিষ্যা মন্ত্ৰীমণ্ডলে বুধবাৰে সন্ধিয়া 5:30 বজাত বৈঠক অনুষ্ঠিত কৰিব ৷ মহামাৰী কৰ'ণা সন্দৰ্ভত এই বৈঠক অনুষ্ঠিত হ'ব বুলি প্ৰকাশ বিশেষ সূত্ৰৰ ৷

5. বাংগালুৰু আজি পাতলীয়া বৰষুণ হোৱাৰ সম্ভৱনা
কৰ্ণাটকৰ প্ৰাকৃতিক আৰু দুৰ্যোগ নিৰীক্ষণ কেন্দ্ৰই বুধবাৰ আৰু বৃহস্পতিবাৰে বাংগালুৰু মহানগৰত বৃষ্টিপাত হোৱাৰ সম্ভৱনা আছে বুলি সদৰি কৰে ৷ উত্তৰ কন্নড়, দক্ষিণ কন্নড় উড্ডপীকে ধৰি বহু কেইখন জিলাত এই বৃষ্টিপাত হ'ব বুলিও উল্লেখ কৰে ৷

লগতে পঢ়কঃ বিশ্বৰ প্ৰথম কোভিড-19ৰ প্ৰতিষেধক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতিক প্ৰতিষেধকৰ প্ৰথম চিটা