ETV Bharat / bharat

হাইদৰাবাদত 'YELLOW ALERT' জাৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

author img

By

Published : Oct 14, 2020, 5:46 PM IST

হাইদৰাবাদত আগন্তুক ১২ ঘণ্টাত বান পৰিস্থিতিয়ে অধিক ভয়াৱহ ৰূপ লোৱাৰ সম্ভাৱনা। সাৱধানে থাকিবলৈ আগতীয়াকৈ সতৰ্কবাণী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। হাইদৰবাদ চৰকাৰে ১৪ আৰু ১৫ অক্টোবৰত বন্ধ ঘোষণা কৰিছে আৰু এনে পৰিস্থিতিত যাত্ৰা নকৰিবলৈ সকিয়াই দিছে।

হাইদৰাবাদত 'YELLOW ALERT' জাৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ
হাইদৰাবাদত 'YELLOW ALERT' জাৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

নেশ্যনেল ডেস্ক, ১৪ অক্টোবৰ: ভাৰতীয় বতৰ বিজ্ঞান বিভাগে 'YELLOW ALERT' জাৰি কৰিছে হাইদৰাবাদত। আগন্তুক ১২ ঘণ্টাত অধিক সংকটে দেখা দিয়াৰ সম্ভাৱনা আছে বুলি সকীয়নি দিছে বিভাগটোৱে। তেলেংগানাৰ পশ্চিম দিশত হৈ থকা বানৰ তুলনাত উত্তৰ-পশ্চিম দিশে বান পৰিস্থিতি অধিক ভয়াৱহ হ'ব আৰু ক্ৰমান্বয়ে আগন্তুক ১২ ঘণ্টাত পৰিৱৰ্তন দেখা যাব। পৰিস্থিতি পৰ্যবেক্ষণৰ পিছতে ৰাইজক সাৱধানে থাকিবলৈ সতৰ্কবাণী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে।

মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাওৰ নিৰ্দেশমৰ্মে মুখ্য সচিব, সোমেশ কুমাৰে ৰাজ্যখনৰ বান পৰিস্থিতিৰ সমীক্ষা দাঙি ধৰিছে। গ্ৰেটাৰ হাইদৰাবাদ পৌৰ নিগম আৰু জিলা উপায়ুক্তক আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তুলনামূলকবাৱে দ' ঠাইত বাস কৰা লোকসকলক শীঘ্ৰে সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰাৰো পৰামৰ্শ আগবঢ়াইছে চৰকাৰে। এনে পৰিস্থিতিত নকৰিবলৈ সকিয়াই দিছে বিভিন্ন জিলাৰ প্ৰশাসনে। তেলেংগানাত, বিশেষকৈ হাইদৰাবাদত বৰ্তমানলৈকে প্ৰলয়ংকাৰী বানত মৃত্যু হৈছে ১৪জন লোকৰ। যোৱা ২৪ ঘণ্টাত হাইদৰাবাদৰ কোনো কোনো অঞ্চলত ২০ ছেণ্টিমিটাৰতকৈও অধিক মাত্ৰাত বৃষ্টিপাত হৈছে। যোৱা ১০ অক্টোবৰত হাইদৰাবাদত ৯৮.৩ মিলিমিটাৰ মাত্ৰাত আটাইতকৈ বেছি বৰষুণ হৈছিল।

লগতে পঢ়ক:শত্ৰুপক্ষৰ ড্ৰ'ন ধংস কৰা প্ৰশিক্ষণ কাশ্মীৰৰ সৈন্যক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.