ETV Bharat / bharat

ৰাজস্থানত আছে ভগৱান শ্ৰীৰামৰ বংশধৰ !

author img

By

Published : Aug 11, 2019, 6:48 PM IST

ৰাম জন্মভূমি আৰু বাবৰি মছজিদ ভূমি বিবাদক লৈ উচ্চতম ন্যায়ালয়ত চলি আছে শুনানি ৷ শেহতীয়াকৈ 9 আগষ্টত উচ্চতম ন্যায়ালয়ে ভগৱান ৰামৰ হৈ ওকালতি কৰা অধিবক্তাক শ্ৰীৰামৰ বংশ-পৰিয়ালৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰি সৰ্বোচ্চ আদালতৰ আগত তাৰ প্ৰমাণ দাঙি ধৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল ৷ উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পিচতে সন্ধান ওলাইছে ভগৱান ৰামৰ বংশ-পৰিয়ালৰ ৷ বিশ্বৰ অন্য প্ৰান্তত নহয় খোদ ৰাজস্থানত আছে ভগৱান ৰামৰ বংশধৰ ৷ এই দাবী ৰাজস্থানৰ ৰাজসামান্দ লোকসভা সমষ্টিৰ বিজেপি সাংসদ দীয়া কুমাৰীৰ ৷

ৰাজস্থানত আছে ভগৱান শ্ৰীৰামৰ বংশধৰ !

নিউজ ডেস্ক, 11 আগষ্টঃ ৰাম জন্মভূমি-বাবৰি মছজিদ ভূমি বিবাদৰ শুনানিৰ মাজতে পোহৰলৈ আহিছে ভগৱান শ্ৰীৰামৰ পৰিয়ালৰ পৰিচয় ৷ ৰাজস্থানৰ ৰামসামান্দ লোকসভা সমষ্টিৰ বিজেপি সাংসদ দীয়া কুমাৰীয়ে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰিছে এই তথ্য ৷ সাংসদগৰাকীয়ে ইটিভি ভাৰতৰ আগত ভগৱান শ্ৰীৰামৰ বংশাৱলীৰ সম্পূৰ্ণ বিৱৰণ, অযোধ্যাৰ নক্সা তথা এখন দস্তাৱেজ প্ৰদৰ্শন কৰে ৷

জয়পুৰ ৰাজপৰিয়ালৰ ৰাজকুমাৰী তথা বিজেপি সাংসদ দীয়া কুমাৰী হৈছে বিখ্যাত কুশৱাহা বংশৰ 308সংখ্যক বংশধৰ ৷ এই বংশৰে 63সংখ্যক বংশধৰ আছিল ভগৱান শ্ৰীৰাম ৷ কুশৱাহা বংশ 289সংখ্যক বংশধৰ আছিল মহাৰাজ জয়সিংহ আৰু 307সংখ্যক বংশধৰ আছিল মহাৰাজ ভৱানী সিংহ ৷ ভগৱান ৰামৰ জন্মভূমি অযোধ্যাত ৰাজত্ব কৰিছিল মহাৰাজ জয়সিংহই আৰু 1776 চনতে এক হুকুমযোগে অযোধ্যাৰ ভূমিত কুচ্ছৱাহা ওৰফে কুশৱাহা বংশৰ অধিকাৰ থাকিব বুলি দস্তাৱেজত উল্লেখ আছে ৷

ৰাজস্থানত আছে ভগৱান শ্ৰীৰামৰ বংশধৰ !

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিচতে সাংসদগৰাকীয়ে প্ৰদৰ্শন কৰিছে এইসমূহ গুৰুত্বপূৰ্ণ নথি-পত্ৰ ৷ সাংসদগৰাকীয়ে কয় যে, ৰাম জন্মভূমি-বাবৰি মছজিদ ভূমি বিবাদৰ গোচৰত উচ্চতম ন্যায়ালয়ক পূৰ্ণৰূপে সহযোগ কৰিবলৈ সাজু আছে জয়পুৰৰ ৰাজপৰিয়াল, যি পৰিয়ালৰ ওচৰত ভগৱান ৰামৰ বংশাৱলীৰ প্ৰমাণৰ সকলো নথি মজুত আছে ৷ সাংসদগৰাকীয়ে লগতে কয় যে, এয়া কোনো ৰাজনৈতিক নাইবা ব্যক্তিগত স্বাৰ্থৰ কথা নহয়, সেয়েহে উচ্চতম ন্যায়ালয়ক যেনেকুৱা সহায় লাগে তেনেকুৱা ধৰনে সহায় কৰিবলৈ সাজু আছো ৷

Intro:Body:

ৰাজস্থানত উদ্ধাৰ ভগৱান শ্ৰীৰামৰ বংশধৰ ! 

ৰাম জন্মভূমি আৰু বাবৰি মছজিদ ভূমি বিবাদক লৈ উচ্চতম ন্যায়ালয়ত চলি আছে শুনানি ৷ শেহতীয়াকৈ 9 আগষ্টত উচ্চতম ন্যায়ালয়ে ভগৱান ৰামৰ হৈ ওকালতি কৰা অধিবক্তাক শ্ৰীৰামৰ বংশ-পৰিয়ালৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰি সৰ্বোচ্চ আদালতৰ আগত তাৰ প্ৰমাণ দাঙি ধৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল ৷ উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিচতে সন্ধান ওলাইছে ভগৱান ৰামৰ বংশ-পৰিয়ালৰ ৷ বিশ্বৰ অন্য প্ৰান্তত নহয় খোদ ৰাজস্থানত আছে ভগৱান ৰামৰ বংশধৰ ৷ এই দাবী ৰাজস্থানৰ ৰাজসামান্দ লোকসভা সমষ্টিৰ বিজেপি সাংসদ দীয়া কুমাৰীৰ ৷ 

নিউজ ডেস্ক, 11 আগষ্টঃ ৰাম জন্মভূমি-বাবৰি মছজিদ ভূমি বিবাদৰ শুনানিৰ মাজতে পোহৰলৈ আহিছে ভগৱান শ্ৰীৰামৰ পৰিয়ালৰ পৰিচয় ৷ ৰাজস্থানৰ ৰামসামান্দ লোকসভা সমষ্টিৰ বিজেপি সাংসদ দীয়া কুমাৰীয়ে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰিছে এই তথ্য ৷ সাংসদগৰাকীয়ে ইটিভি ভাৰতৰ আগত ভগৱান শ্ৰীৰামৰ বংশাৱলীৰ সম্পূৰ্ণ বিৱৰণ, অযোধ্যাৰ নক্সা তথা এখন দস্তাৱেজ প্ৰদৰ্শন কৰে ৷ 

জয়পুৰ ৰাজপৰিয়ালৰ ৰাজকুমাৰী তথা বিজেপি সাংসদ দীয়া কুমাৰী হৈছে বিখ্যাত কুশৱাহা বংশৰ 308সংখ্যক বংশধৰ ৷ এই বংশৰে 63সংখ্যক বংশধৰ আছিল ভগৱান শ্ৰীৰাম ৷ কুশৱাহা বংশ 289সংখ্যক বংশধৰ আছিল মহাৰাজ জয়সিংহ আৰু 307সংখ্যক বংশধৰ আছিল মহাৰাজ ভৱানী সিংহ ৷ ভগৱান ৰামৰ জন্মভূমি অযোধ্যাত ৰাজত্ব কৰিছিল মহাৰাজ জয়সিংহই আৰু 1776 চনতে এক হুকুমযোগে অযোধ্যাৰ ভূমিত কুচ্ছৱাহা ওৰফে কুশৱাহা বংশৰ অধিকাৰ থাকিব বুলি দস্তাৱেজত উল্লেখ আছে ৷ 

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিচতে সাংসদগৰাকীয়ে প্ৰদৰ্শন কৰিছে এইসমূহ গুৰুত্বপূৰ্ণ নথি-পত্ৰ ৷ সাংসদগৰাকীয়ে কয় যে, ৰাম জন্মভূমি-বাবৰি মছজিদ ভূমি বিবাদৰ গোচৰত উচ্চতম ন্যায়ালয়ক পূৰ্ণৰূপে সহযোগ কৰিবলৈ সাজু আছে জয়পুৰৰ ৰাজপৰিয়াল, যি পৰিয়ালৰ ওচৰত ভগৱান ৰামৰ বংশাৱলীৰ প্ৰমাণৰ সকলো নথি মজুত আছে ৷ সাংসদগৰাকীয়ে লগতে কয় যে, এয়া কোনো ৰাজনৈতিক নাইবা ব্যক্তিগত স্বাৰ্থৰ কথা নহয়, সেয়েহে উচ্চতম ন্যায়ালয়ক যেনেকুৱা সহায় লাগে তেনেকুৱা ধৰনে সহায় কৰিবলৈ সাজু আছো ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.