নেশ্যনেল ডেস্ক, 2 মাৰ্চঃ জ্যেষ্ঠ কংগ্ৰেছী নেতা পি চিদাম্বৰমৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আশ্বাসক প্ৰত্যাখ্যান ৷ অমিত শ্বাহে সংশোধিত নাগৰিকত্ব আইনক লৈ সংখ্যালঘু লোকসকলৰ নাগৰিকত্ব সন্দৰ্ভত কৰা মন্তব্যত দেওবাৰে পি চিদাম্বৰমে টুইটাৰযোগে প্ৰশ্ন উত্থাপন কৰে যে, যদি সংশোধিত নাগৰিকত্ব আইনখনৰ ফলত সংখ্যালঘু সম্প্ৰদায়ৰ একো ক্ষতি নহয়, তেনেহ’লে সংখ্যালঘুসসকলক এই আইনখনৰ পৰা প্ৰথমতেই কিয় বাদ দিয়া হৈছে ?
কলকাতাত আয়োজিত এক ৰেলীত গৃহমন্ত্ৰী অমিত শ্বাহে সংশোধিত নাগৰিকত্ব আইন কাৰ্যকৰী হোৱাৰ বাবে এজনো সংখ্যালঘু সম্প্ৰদায়ৰ লোকে তেওঁলোকৰ নাগৰিকত্ব হেৰুৱাবলগীয়া নহয় বুলি সংখ্যালঘুসকলক উদ্দেশ্যি এইদৰে মন্তব্য কৰে ৷
টুইটাৰযোগে পি চিদাম্বৰমে প্ৰত্যাখ্যান জনাই কয় যে, "সংশোধিত নাগৰিকত্ব আইনে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক কোনো ক্ষতি নকৰে বুলি গৃহমন্ত্ৰী অমিত শ্বাহে আশ্বাস দিছিল ৷ যদি তেওঁৰ এই কথা সঁচা হয়, তেনেহলে ‘কা’ই কোন কোন সম্প্ৰদায়ৰ ওপৰত প্ৰভাৱ পেলাব সেই কথা তেওঁ আগতেই স্পষ্ট কৰি দিব লাগে ৷ যদি এই আইনখনে কাৰো ক্ষতি নকৰে, তেনেহলে আইনখন বলবৎ কৰাৰ কাৰণ কি?"
প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে যে, "সংখ্যালঘুসকলক সুবিধা প্ৰদান কৰাই যদি ‘কা’ৰ মূল উদ্দেশ্য, তেনেহলে আইনখনত উল্লেখিত সংখ্যালঘুৰ তালিকাৰ পৰা মুছলমান লোকসকল কিয় বাদ পৰিছে?"
2019 চনত কলকাতাত অনুষ্ঠিত বিশাল ৰেলীত গৃহমন্ত্ৰী অমিত শ্বাহে সংখ্যালঘু লোকসকলক এইদৰে আশ্বাস দিছিল, "বিৰোধীয়ে সংখ্যালঘুসকলৰ মনত সন্ত্ৰাস ভাৱ কঢ়িয়াই আনিছে ৷ সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিজন লোককে আশ্বাস দিলোঁ ‘কা’ই কেৱল নাগৰিকত্ব দিয়ে, নাগৰিকত্ব কাঢ়ি নিনিয়ে ৷ আপোনালোকৰ নাগৰিকত্বত ইয়াৰ কোনো প্ৰভাৱ নপৰে ৷"
সংশোধিত নাগৰিকত্ব আইন গৃহীত হোৱাৰ পিছত শৰণাৰ্থীসকলে নাগৰিকত্বৰ নামত সকলো নথি-পত্ৰ দেখুৱাব লাগিব বুলি বিৰোধী পক্ষই ‘কা’ৰ বিৰুদ্ধে নেতিবাচক বাৰ্তা মানুহৰ মাজত বিয়পাইছে ৷ কিন্তু শৰণাৰ্থীসকলে একো নথি-পত্ৰ দেখুৱাব নালাগে ৷ শৰণাৰ্থীসকলে তেওঁলোকৰ নাগৰিকত্ব নোপোৱালৈকে চৰকাৰ মনে মনে বহি নাথাকে বুলি গৃহমন্ত্ৰী অমিত শ্বাহে সংখ্যালঘুসকলক আশ্বাস প্ৰদান কৰে ৷