ETV Bharat / bharat

জম্মুৰ পুলৱামাত আইইডি বিস্ফোৰণ, আহত চিআৰপিএফ জোৱান

দেওবাৰে জম্মু-কাশ্মীৰৰ পুলৱামাত আইইডি বিস্ফোৰণত আহত হয় চিআৰপিএফৰ এজন জোৱান । পুলৱামাৰ গাংগু গাঁৱৰ সমীপৱৰ্তী অঞ্চলেৰে চিআৰপিএফৰ কনভয় পাৰ হোৱা সময়তে সংঘটিত হৈছিল এই বিস্ফোৰণ ।

আহত চিআৰপিএফ জোৱান
জম্মুৰ পুলৱামাত আইইডি বিস্ফোৰণ
author img

By

Published : Jul 5, 2020, 10:17 AM IST

নিউজ ডেস্ক, ৫ জুলাইঃ জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত আইইডি বিস্ফোৰণ । দেওবাৰে সন্ধিয়া সংঘটিত আইইডি বিস্ফোৰণত আহত হয় চিআৰপিএফৰ এজন জোৱান । খবৰ অনুসৰি, দক্ষিণ কাশ্মীৰৰ গাংগু গাঁৱৰ সমীপৱৰ্তী অঞ্চলেৰে চিআৰপিএফৰ কনভয় পাৰ হৈ যোৱা সময়তে কোনো সন্দেহবাদী সন্ত্ৰাসবাদী সংগঠনে এই বিস্ফোৰণ ঘটাই বুলি সন্দেহ প্ৰকাশ কৰে চিআৰপিএফয়ে ।

আনহাতে, বিস্ফোৰণৰ পাচতে চিআৰপিএফৰ কনভয়ৰ পৰা শূণ্যলৈ গুলীচালনা কৰি আঘাতপ্ৰাপ্ত চিআৰপিএফ জোৱানজনক ইউনিট এমআইৰ কক্ষলৈ লৈ যোৱা হয় ৷

উল্লেখ্য যে, বিস্ফোৰণ সংঘটিত অঞ্চলটোৰ বাসিন্দাসকল শংকিত হোৱাৰ উপৰিও ঘটনাস্থলীত অতিৰিক্ত সুৰক্ষা বাহিনীৰ এটি দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে চিআৰপিএফে ।

লগতে পঢ়ক : 15 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰে কেবিনেট সচিবৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.