তেজপুৰ, ৩০ এপ্ৰিলঃ ভাৰতীয় বায়ু সেনাৰ উপ-সেনাধ্যক্ষ অনিল খোছলাই মঙলবাৰে চাৰি দশকজোৰা তেওঁৰ কেৰিয়াৰৰ পৰা অৱসৰ গ্ৰহণ কৰে। ১৯৫৯ চনৰ ৯ এপ্ৰিলত জন্মগ্ৰহণ কৰা এয়াৰ মাৰ্শ্বাল গৰাকীয়ে ১৯৭৯ চনৰ ডিচেম্বৰ মাহত বায়ু সেনাৰ যুঁজাৰু হিচাপে যোগদান কৰিছিল। ভাৰতীয় যুদ্ধ বিমান জাগুৱাৰ, মিগ-২১ আৰু কিৰণ বিমানৰ সৈতে প্ৰায় ৪০০০ ঘণ্টাতকৈ বেছি সময় বিমান উৰুৱাৰ কৃতিত্ব অৰ্জন কৰিছিল জ্যেষ্ঠ এয়াৰ মাৰ্শ্বাল গৰাকীয়ে।
![ETV BHARAT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/3153264_1.jpg)
ডিফেন্স ছাৰ্ভিছেচ ষ্টাফ কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা বায়ু সেনাৰ বিষয়া গৰাকীৰ আছে দুটাকৈ এম. ফিল ডিগ্ৰী। বিষয়া গৰাকীয়ে টিএচিডিই আৰু এফআইএছৰ দৰে শিক্ষানুষ্ঠানৰ নিৰ্দেশক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। এইগৰাকী প্ৰখ্যাত এয়াৰ মাৰ্শ্বালে এই বছৰৰে এপ্ৰিলৰ ৯ তাৰিখে তেওঁৰ ৬০ বছৰীয়া জন্মদিন পালন কৰাৰ লগতে কেৰিয়াৰৰ শেষৰ দিনলৈকে এজন জোৱান হিচাপে সেৱা আগবঢ়ায়।