নিউজ ডেস্ক, 30 মাৰ্চঃ এতিয়াৰে পৰা কৰ ফাঁকি দিব নোৱাৰিব দেশৰ কোনো জনতাই ৷ দেশৰ আয়কৰ বিভাগে অহা 1 এপ্ৰিলৰ পৰা আৰম্ভ কৰিব এক নতুন প্ৰকল্প যাৰ দ্বাৰা আয়কৰ অধিনিয়মৰ লগতে আয়কৰ প্ৰদানৰ ওপৰত তীক্ষ্ণনজৰ ৰাখিব ৷
কেন্দ্ৰীয় আয়কৰ বিভাগে আৰম্ভ কৰিবলগীয়া এই নতুন হাজাৰ কোটিটকীয়া "প্ৰজেক্ট ইনছাইট"ৰ দ্বাৰা কৰ ফাঁকিৰ ওপৰত ৰাখিব তীক্ষ্ণনজৰ ৷ ইয়াৰ দ্বাৰা কৰ বিষয়াসকলে ছ'চিয়েল নেটৱৰ্কিং ছাইটত আপলোদ কৰা ফটো আৰু ভিডিঅ'ৰ দ্বাৰা ব্যক্তিজনৰ খৰছৰ শিতানত চকু ৰাখিব ৷ ইয়াৰ বাবে ইতিমধ্যেই বিভাগটোৱে বিষয়াসকলক মাৰ্চ মাহৰ 15 তাৰিখৰ পৰা অনুমতি প্ৰদান কৰিছে ৷ যদিহে আপুনি বিদেশত ভ্ৰমণ কৰি আছে নাইবা কোনো বিলাসী গাড়ীৰ সৈতে ফটো আপলোড কৰিছে তেতিয়াহ'লে তেনেকুৱা বিষয়ত কৰ বিষয়াসকলে পৰীক্ষা কৰিব ৷ বিগ ডাটা এনালাইটিকছৰ দ্বাৰা যদিহে আপুনি ফাইল কৰা আই টি ৰিৰ্টাৰ্ণৰ তথ্য নিমিলে তেতিয়াহ'লে আপোনাৰ ওপৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বিভাগটোৱে ৷
উল্লেখ্য যে, ভাৰতৰ পূৰ্বে বেলজিয়াম, কানাডা আৰু অষ্ট্ৰেলিয়াৰ দৰে দেশে কৰ ফাঁকিৰ ক্ষেত্ৰত এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ইয়াৰ দ্বাৰা বৃহৎ হাৰে ডাটা বিশ্লেষণ কৰি সংযুক্ত তথ্য ব্যৱস্থাপনা ব্যৱস্থাৰে সঠিক সময়ত সঠিক তথ্য ব্যৱহাৰ কৰি কৰ ফাঁকিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব ৷ বৃহৎ হাৰে ডাটা বিশ্লেষণ ব্যৱস্থাৰ সহায়ত 2010 চনৰ পৰা বৰ্তমানলৈ ব্ৰিটেইনে প্ৰায় 4.1 বিলিয়ন পাউণ্ড কৰ জমা কৰিবলৈ সক্ষম হৈছিল ৷