ETV Bharat / bharat

পেলনীয়া প্লাষ্টিকৰ পৰা ইন্ধন প্ৰস্তুত এজন অভিযন্তাৰ - হায়দৰাবাদৰ এগৰাকী যান্ত্ৰিক অভিযন্তা

দেশজুৰি লোকসকলে নিজ নিজ স্থানত প্লাষ্টিক নিৰ্মূলৰ বাবে চেষ্টা কৰি আছে ৷ সতীশ কুমাৰো তেওঁলোকৰ ভিতৰৰে এগৰাকী ৷ সতীশ কুমাৰ হায়দৰাবাদৰ এগৰাকী অভিযন্তা ৷ তেওঁ এণ্ড লাইফ প্লাষ্টিকৰ ব্যৱহাৰ কৰি আছে ৷ যাক চিন্থেটিক ইন্ধন উৎপাদনত পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি ৷

HYDERABAD PLASTIC STORY
পেলনীয়া প্লাষ্টিকক ইন্ধনৰ আকাৰে প্ৰস্তুত
author img

By

Published : Dec 26, 2019, 3:46 PM IST

নিউজ ডেক্স,26 ডিচেম্বৰঃ প্লাষ্টিকৰ আৱৰ্জনাৰ পৰা ৰক্ষা পাবলৈ হায়দৰাবাদৰ এগৰাকী যান্ত্ৰিক অভিযন্তাই পেলনীয়া প্লাষ্টিকক ইন্ধনৰ আকাৰে প্ৰস্তুত কৰিব বুলি দাবী জনায় ৷ এক প্ৰতিবেদন অনুসৰি 2050 চনলৈ সাগৰত মাছতকৈ প্লাষ্টিকৰ সংখ্যা বৃদ্ধি পাব ৷ যিটো এক বিধ্বংসী তথ্য ৷ দেশজুৰি লোকসকলে নিজ নিজ স্থানত প্লাষ্টিক নিৰ্মূলৰ বাবে চেষ্টা কৰি আছে ৷ সতীশ কুমাৰো তেওঁলোকৰ ভিতৰৰে এগৰাকী ৷

সতীশ কুমাৰ হায়দৰাবাদৰ এগৰাকী অভিযন্তা ৷ তেওঁ এণ্ড লাইফ প্লাষ্টিকৰ ব্যৱহাৰ কৰি আছে ৷ যাক চিন্থেটিক ইন্ধন উৎপাদনত পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি ৷ তেওঁ কয় যে, প্ৰায় 500 কিলোগ্ৰাম অনৱীকৰণযোগ্য প্লাষ্টিকেৰে 400 লিটাৰ ইন্ধন উৎপাদন কৰিব পৰা যায় ৷ কুমাৰে এক থ্ৰী-ষ্টেপ ৰিভাৰ্চ অভিযান্ত্ৰিক প্ৰক্ৰিয়াৰ ব্যৱহাৰ কৰে, য'ত প্লাষ্টিকবোৰ পৰোক্ষভাৱে ভেকুৱাম, ডি-প'লিমাৰাৰাইজ আৰু গেছিফাইডত গৰম কৰি ঘনীভূত কৰা হয় ৷ যাৰ ফলত তিনিধৰণৰ ইন্ধন যেনে- ডিজেল, বিমান ইন্ধন আৰু আৰু পেট্ৰ'লৰ অনুৰূপ ইন্ধন উৎপন্ন হয় ৷ এই ইন্ধনৰ বৈশিষ্টবোৰ পেট্ৰ'লৰ লগত প্ৰায় মিল আছে যদিও ই পেট্ৰ'লতকৈ কিছু পৃথক ৷

পেলনীয়া প্লাষ্টিকক ইন্ধনৰ আকাৰে প্ৰস্তুত

এই দহনযোগ্য তৰল পদাৰ্থৰ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা প্ৰক্ৰিয়া প্লাষ্টিক পাইৰোলিচিছতকৈ সম্পূৰ্ণ পৃথক ৷ ইন্ধন উৎপাদনৰ এই অনন্য প্ৰণালীত চিমনীৰ প্ৰয়োজন নহয় আৰু কোনো অৱশিষ্টও নাৰাখে ৷ এই প্ৰক্ৰিয়াত উৎপাদিত গেছৰ ব্যৱহাৰ জেনেৰেটৰ চলাবলৈ কৰা হয় আৰু অৱশিষ্ট কাৰ্বন আৱৰ্জনা গছপুলি সমূহত উৰ্বৰতা আনিবলৈ সাৰ ব্যৱহাৰ কৰে ৷

মানুহে পিন্ধা প্ৰায় 80 শতাংশ কাপোৰ প্লাষ্টিকেৰে তৈয়াৰী ৷ ইয়াৰোপৰি বহু সামগ্ৰী প্লাষ্টিকৰ দ্বাৰাই উৎপাদিত ৷ প্লাষ্টিক অবিহনে বৰ্তমানৰ জীৱন যাত্ৰা অচল ৷ কিন্তু সতীশ কুমাৰে ইয়াৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰে ৷ তেওঁ কয়, প্লাষ্টিক বুদ্ধিমানভাৱে ব্যৱহাৰ কৰা উচিত ৷ তেওঁৰ উদ্দেশ্য মানুহক এই কথা বুজোৱা যে, প্লাষ্টিক ইন্ধনতকৈ বেছি আন একো নহয় ৷

প্লাষ্টিক পৃথিৱীত ইমান অধিক মাত্ৰাত বৃদ্ধি পাইছে যে ইয়াৰ উৎপাদন বন্ধ কৰিলেও আগৰ পৰা জমা হোৱা প্লাষ্টিকৰ আৱৰ্জনাবোৰৰ পৰা হাত সাৰিবলৈ বহু বছৰ লাগি যাব ৷সতীশ কুমাৰে কয়, প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন কৰি জৰিমণা বিহাৰ ব্যৱস্থা কৰিব লাগে যাতে মানুহে বুদ্ধিমত্তাৰে প্লাষ্টিক ব্যৱহাৰৰ কথা চিন্তা কৰে ৷কুমাৰৰ মতে আৱৰ্জনা 5 প্ৰকাৰৰ- কাঁচ, ধাতু, কাগজ, প্লাষ্টিক আৰু জৈৱিক অৱশিষ্ট ৷ এই সকলোৰে পৰা বুদ্ধিমত্তা আৰু কাৰ্যকৰীভাৱে মোকাবিলা কৰিব পৰা যায় ৷

লগতে পঢ়কঃপ্লাষ্টিকৰ ভয়াৱহতাৰ বিৰুদ্ধে মধ্যপ্ৰদেশৰ গীতিকাৰে ৰচিলে এটি বিশেষ গীত !

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.