ETV Bharat / bharat

আত্মৰক্ষাৰ বাবে গুলি চলাইছিল আৰক্ষীয়ে - hyderabad rape

পিতৃয়ে ক'লে, 'মোৰ জীয়ৰীৰ মৃত্যুৰ 10 দিন পাৰ হোৱাৰ সময়তে প্ৰশাসনৰ এনে পদক্ষেপৰ বাবে মই আৰক্ষী তথা চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷ এতিয়াহে মোৰ জীয়ৰীৰ আত্মাই শান্তি লাভ কৰিব ৷'

ঘটনাৰ পিচতে, নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত ভিন্নজনৰ
'দিশা' ধৰ্ষণ কাণ্ডৰ লগত জড়িত চাৰিজন মূল অভিযুক্তক এনকাউণ্টাৰ
author img

By

Published : Dec 6, 2019, 10:32 AM IST

Updated : Dec 6, 2019, 10:37 AM IST

নিউজ ডেস্ক, 6 ডিচেম্বৰ: 'দিশা' ধৰ্ষণ কাণ্ডৰ লগত জড়িত চাৰিজন মূল অভিযুক্তক আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনাৰ পিচতে, নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ভুক্তভোগীৰ পিতৃয়ে ৷ তেওঁ কয়, 'মোৰ জীয়ৰীৰ মৃত্যুৰ 10 দিন পাৰ হোৱাৰ সময়তে প্ৰশাসনৰ এনে পদক্ষেপৰ বাবে মই আৰক্ষী তথা চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷ এতিয়াহে মোৰ জীয়ৰীৰ আত্মাই শান্তি লাভ কৰিব ৷'

এতিয়াহে মোৰ জীয়ৰীৰ আত্মাই শান্তি লাভ কৰিব
প্ৰতিক্ৰিয়া ব্যক্ত ভুক্তভোগীৰ পিতৃৰ

ঘটনা সন্দৰ্ভত উপ আৰক্ষী অধীক্ষক প্ৰকাশ ৰেড্ডীয় কয় যে, তদন্তজনিত কাৰণত চাৰিও অভিযুক্তক ঘটনাস্থলীলৈ নিয়াৰ পিচত অভিযুক্তকেইজনে আৰক্ষীৰ অস্ত্ৰ কাঢ়ি তেওঁলোকক উদ্দেশ্যি গুলী চলায় ৷ সেয়েহে, আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে ওলোটাই কৰা গুলীবৰ্ষণত অভিযুক্তকেইজনৰ মৃত্যু হয় ৷

ঘটনা সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিৰ্ভয়াৰ মাতৃয়ে ৷ তেওঁ কয়, আৰক্ষীৰ এয়া এক উচিত পদক্ষেপ ৷ সেয়েহে তেওঁৰ অনুৰোধ, ঘটনাত লগত জড়িত আৰক্ষীৰ বিৰুদ্ধে যাতে কোনো ধৰণৰ ঋণাত্মক ব্যৱস্থা লোৱা নহয় ৷

ঘটনাত লগত জড়িত আৰক্ষীৰ বিৰুদ্ধে যাতে কোনো ধৰণৰ ঋণাত্মক ব্যৱস্থা লোৱা নহয়
নিৰ্ভয়াৰ মাতৃ আশা দেৱীৰো মন্তব্য

আনহাতে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মায়ো এই সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰি কয় যে, আমি সকলোৱে অভিযুক্তৰ বিৰুদ্ধে মৃত্যুদণ্ডই কামনা কৰিছিলো ৷ এই ক্ষেত্ৰত আৰক্ষী শ্ৰেষ্ঠ বিচাৰক, যদিও মই নাজানো কি পৰিস্থিতিত পৰি এনে ঘটনা সংঘটিত হ'ল ৷

আমি সকলোৱে অভিযুক্তৰ বিৰুদ্ধে মৃত্যুদণ্ডই কামনা কৰিছিলো
অধ্যক্ষ ৰেখা শৰ্মাৰো মত প্ৰকাশ

লগতে পঢ়ক: শুৱালকুছিৰ সাধুটোলত ন- বোৱাৰীৰ ৰহস্যজনক আত্মহত্যা

Intro:Body:

reaction all for telengana case

Conclusion:
Last Updated : Dec 6, 2019, 10:37 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.