ETV Bharat / bharat

বিহাৰত উদ্ধাৰ জাপে জাপে নৰকংকাল

এনকেফেলাইটিছৰ আতংক মাৰ নাযাঁওতেই বিহাৰৰ মুজাফৰপুৰত উদ্ধাৰ হৈছে জাপে-জাপে নৰকংকাল ৷ শ্ৰীকৃষ্ণ মেডিকেল কলেজ এণ্ড হস্পিতাল চৌহদৰ পিচফালে উদ্ধাৰ হৈছে নৰকংকালসমূহ ৷

বিহাৰত উদ্ধাৰ জাপে জাপে নৰকংকাল
author img

By

Published : Jun 22, 2019, 4:58 PM IST

নিউজ ডেস্ক, 22 জুনঃ এনকেফেলাইটিছ আতংকৰ পৰা মুক্ত নোহোৱা বিহাৰত সংঘটিত আন এক ঘটনাই দখল কৰিছে সংবাদ শীৰ্ষ ৷ শেহতীয়াকৈ যিখন চিকিৎসালয়ত উপযুক্ত পৰিচৰ্যাৰ অভাৱত 173 গৰাকী শিশুৱে মৃত্যুমুখত পৰিছিল সেইখন চিকিৎসালয়ৰ কৰ্মকাণ্ডই সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে ৷

বিহাৰত উদ্ধাৰ জাপে জাপে নৰকংকাল

ঘটনা অনুসৰি শনিবাৰে চিকিৎসালয়খনৰ পিচফালে থকা পৰিত্যক্ত অঞ্চলত উদ্ধাৰ হয় বহুসংখ্যক নৰকংকাল ৷ নৰকংকালসমূহৰ বেছিভাগ জ্বলাই থোৱা অৱস্থাত উদ্ধাৰ হোৱাৰ বিপৰীতে বস্তাৰ ভিতৰত আৰু জংঘলৰ মাজত হাবিত পুতি থোৱা অৱস্থাটো উদ্ধাৰ হৈছে ৷

ইতিমধ্যে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এক তদন্ত কমিতি গঠন কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা এক প্ৰতিবেদন বিচাৰিছে ৷ উল্লেখ্য যে, বিহাৰত দেখা দিয়া মহামাৰীৰ কৱলত পৰি চিকিৎসালয়খনত চিকিৎসাধীন অৱস্থাতে মৃত্যুবৰণ কৰিছে 173টি শিশুৱে ৷ আনহাতে এতিয়াও চিকিৎসালয়খনত সৰ্বমুঠ চাৰিশৰো অধিক ৰোগী চিকিৎসাধীন হৈ আছে ৷

Intro:Body:

SDFGFDHGH

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.