ETV Bharat / bharat

অভিভাৱকৰে মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ মানৱ সম্পদ উন্নয়ন মন্ত্ৰীৰ

author img

By

Published : Apr 27, 2020, 8:36 PM IST

ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰে মত বিনিময় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশংকৰ ৷ ফেছবুক আৰু টুইটাৰৰ জৰিয়তে লাইভ মত বিনিময় অনুষ্ঠানত অভিভাৱকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে তেওঁ ৷

অভিভাৱকৰে লাইভ মত বিনিময়
মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশংক

নেশ্যনেল ডেস্ক, 27 এপ্ৰিল : মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশংকে সোমবাৰে দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক সকলক সম্বোধন কৰে ৷ ফেছবুক আৰু টুইটাৰৰ জৰিয়তে লাইভ মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি অভিভাৱক সকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে,কৰ'ণা ভাইৰাছ আতংকৰ পৰিপ্ৰেক্ষিতত দেশৰ সকলো শিক্ষানুষ্ঠান বন্ধ হৈ পৰাৰ লগতে বহুসংখ্যক পৰীক্ষা স্থগিত ৰাখিব লগা হয় ৷ সেয়েহে,শিক্ষা মন্ত্ৰণালয়ে অনলাইন শিক্ষা ব্যৱস্থা আৰম্ভ কৰাৰ লগতে অন্যান্য বিভিন্ন প্লেটফৰ্মৰ জৰিয়তে প্ৰাথমিকৰ পৰা উচ্চ মাধ্যমিক আৰু উচ্চ শিক্ষানুষ্ঠানসমূহক শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে,1000 বিশ্ববিদ্যালয়, 45,000 মহাবিদ্যালয়,15 লাখ বিদ্যালয়, 1কোটি শিক্ষক আৰু 33 কোটিতকৈ অধিক ছাত্ৰ-ছাত্ৰীৰে ভাৰতীৰ শিক্ষা আন্তগাঁথনি বিশ্বৰ অন্যতম বৃহৎ আন্তঃগাঁথনি হিচাপে পৰিগণিত ৷ লক ডাউনৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ নিয়মীয়া শিক্ষা ব্যৱস্থা বাধাগ্ৰস্ত হোৱাৰ ফলত প্ৰায় 2 মাহলৈ শিক্ষা ব্যৱস্থা পিছুৱাই ৰব বুলি আশংকা কৰা হৈছে ৷

স্কুলীয়া শিক্ষা সন্দৰ্ভত আলোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে,লক ডাউন ঘোষণা কৰাৰ পাচত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷ তেওঁ কয়,"CBSE স্কুলৰ প্ৰথমৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰক পৰৱৰ্তী শ্ৰেণীলৈ উত্তীৰ্ণ কৰোৱা হ'ব ৷ আনহাতে,নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰক তেওঁলোকৰ পূৰ্বে অনুষ্ঠিত পৰীক্ষাৰ নম্বৰৰ ভিত্তিত পাছ কৰোৱা হ'ব ৷ 10th আৰু দ্বাদশ ৰ প্ৰায় 83 টা পৰীক্ষা বৰ্তমানেও বাকী আছে ৷ লক ডাউন অন্ত পৰা সম্পৰ্কত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ পাচতহে 29 টা মুখ্য পৰীক্ষা অনুষ্ঠিত কৰা হ'ব ৷ ইয়াৰোপৰি, প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ লক ডাউন অন্ত পৰাৰ পাচতহে অনুষ্ঠিত কৰা হ'ব ৷"

অনলাইন শিক্ষা ব্যৱস্থা অধিক উন্নতৰ কৰি তুলিবৰ বাবে চৰকাৰৰ অনলাইন প্লেটফৰ্ম SWAYAM, SWAYAM-PRABHA, DIKSHA and E-Pathshala ৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰোপৰি,অনলাইন শিক্ষা ব্যৱস্থা সম্পৰ্কত বিভিন্ন বিষয় আলোচনা কৰিবৰ বাবে ৰাজ্যসমূহৰ শিক্ষা মন্ত্ৰীসকল,বিভিন্ন বিভাগ,সচিবালয় আৰু বিভিন্ন ৰাজ্যৰ বিভিন্ন কাৰ্যালয়ৰ সৈতে বাৰ্তালাপ কৰি আছে বুলি জানিবলৈ দিয়ে ৰমেশ পোখৰিয়াল নিশংকে ৷ এই সময়ছোৱাত নিজ সন্তানক কেৱল অধ্যয়নৰ বাবে চাপ প্ৰয়োগ নকৰি অন্য কাৰ্যতো মনোনিৱেশ কৰোৱাবলৈ মন্ত্ৰী নিশংকে অনুৰোধ জনাই অভিভাৱকসকলক ৷

লক ডাউনৰ পূৰ্বে অনুষ্ঠিত কৰা পৰীক্ষাৰ উত্তৰ বহীসমূহ পৰ্যালোচনা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা সম্পৰ্কতো তেওঁলোকে আলোচনা কৰি থকা বুলি মন্ত্ৰীগৰাকীয়ে অভিভাৱকক জানিবলৈ দিয়ে ৷ এই সময়ছোৱাত সকলোকে একত্ৰিত হ'বলৈ আহ্বান জনোৱাৰ লগতে বাকী থকা পৰীক্ষাসমূহ সাধাৰণ পৰিস্থিতি ঘূৰি অহাৰ পাচতহে অনুষ্ঠিত কৰা হ'ব বুলি অভিভাৱকক আশ্বাস প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী নিশংকে ৷

লগতে চাওকঃ শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য আচাৰ্যাক আৰ্থিক সাহাৰ্য প্ৰদান মন্ত্ৰী ভৱেশ কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.