ETV Bharat / bharat

প্ৰাকৃতিক দুৰ্যোগে জুৰুলা কৰা ভাৰতত প্ৰয়োজন অত্যাৱশ্যকীয় পৰিকল্পনাৰ - প্ৰাকৃতিক দুৰ্যোগে জুৰুলা কৰা ভাৰতত প্ৰয়োজন অত্যাৱশ্যকীয় পৰিকল্পনাৰ

দেশত ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে প্ৰাকৃতিক দুৰ্যোগে ৷ ৰাজ্যসমূহ ধাৰাষাৰ বৰষুনৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ সময়ত বান নিয়ন্ত্ৰণ কাৰ্যনীতি অধিক জটিল হৈ পৰিছে আৰু এইক্ষেত্ৰত চৰকাৰৰ বাবে প্ৰয়োজনীয় পৰিকল্পনা গ্ৰহণ কৰাটো আৱশ্যকীয় হৈ পৰিছে ৷

প্ৰাকৃতিক দুৰ্যোগে জুৰুলা কৰা ভাৰতত প্ৰয়োজন অত্যাৱশ্যকীয় পৰিকল্পনাৰ

author img

By

Published : Aug 19, 2020, 1:29 AM IST

নিউজ ডেস্ক, 18 আগষ্ট : এফালৰ পৰা দেশক কোৰোনা মহামাৰীয়ে আক্ৰমণ কৰিছে আৰু আনফালে দেশক জুৰুলা কৰিছে প্ৰাকৃতিক দুৰ্যোগে ৷ ধাৰাষাৰ বৰষুন আৰু বানপানীয়ে ডুবাই পেলাইছে অসম, মহাৰাষ্ট্ৰ, কেৰালা, বিহাৰ আৰু দিল্লীৰ কিছু অংশ ৷ বিগত মাহত বানপানীয়ে অসমত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰে ৷ চলিত মাহৰ প্ৰথম সপ্তাহত দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰে ৷ বিগত 15 বৰ্ষৰ ভিতৰত অভিলেখসংখ্যক মাত্ৰ 24 ঘন্টাত 200 মিলিমিটাৰ বৰষুন হয় মুম্বাইত ৷ চলিত মাহৰ 8 তাৰিখত বৰষুনৰ ফলত কেৰালাৰ ইডুক্কি জিলাত ভয়ংকৰ ভূমিস্খলনে বাসগৃহৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে চাহ বাগিছাৰ কৰ্মীসকলে জীৱনৰ সৈতে হাৰ মানে ৷ চলিত বাৰিষাত দেশৰ বিভিন্ন প্ৰান্তত ধন-জনৰ বিস্তৰ ক্ষতি হোৱা স্বত্বেও বানপানী ৰোধ তথা ক্ষতি ৰোধ কৰিবলৈ কোনো আগতীয়া সাৱধানতা গ্ৰহণ নকৰাটো অতিকে চিন্তনীয় ৷

এক বাৰ্ষিক ৰীতি !

বিগত সময়ত বানপানী প্ৰতিৰোধ ব্যৱস্থা একমাত্ৰ গ্ৰামাঞ্চললৈ সীমিত আছিল ৷ দৰাচলতে বিপদসীমাৰ ওপৰেৰে বোৱা নদীৰ ফলত হোৱা ক্ষতিৰ পৰিমান গাঁও আৰু নগৰ অঞ্চলত ভেদ আছে ৷ ক্ষীপ্ৰ নগৰীকৰণে বৰষুনৰ পানীৰ সাধাৰণ গতিপথ সলনি কৰিছে, একমাত্ৰ অনৈতিক আন্তঃগাঁথনি আৰু অবিবেচক পৰিকল্পনাই পানীৰ প্ৰাকৃতিক গতিপথ সলনি কৰাৰ ফলত ৷ যেতিয়াই অধিক বৰষুন অথবা ডাৱৰ বিস্ফোৰণ হয়, তেতিয়া বানপানীৰ সীমা আঠগুণে বৃদ্ধি পায়, যাৰ ফলত পানীৰ পৰিমান ছগুনে বৃদ্ধি হৈ নিম্ন অঞ্চলত দীৰ্ঘদিনলৈ আৱদ্ধ হৈ থাকে ৷ এয়া হৈছে মুম্বাই, কেৰালা আৰু দিল্লীৰ শেহতীয়া বানপানীৰ একমাত্ৰ কাৰণ ৷

নগৰীয়া অঞ্চলত হোৱা বানপানীৰ ফলত হোৱা ভয়াৱহ দুৰ্যোগ বৰ্তমানে চিন্তাৰ কাৰণ হৈ পৰিছে ৷ অসমৰ শেহতীয়া বানপানীত বৃহৎ হাৰে চিকিৎসালয়ৰ আৱৰ্জনা, পেলাই দিয়া পিপিই কীট আৰু কোভিড-আৰোগ্য কেন্দ্ৰৰ আৱৰ্জনাসমূহ জলমগ্ন অঞ্চললৈ বোৱাই অনাৰ ফলত সেইসমূহ অঞ্চলৰ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷ মেট্ৰপলিটান অঞ্চলত হোৱা বানপানীৰ প্ৰধান কাৰণ হৈছে, শতিকা পুৰনি নলা ব্যৱস্থা আৰু ইয়াৰ পয়ালগা মেৰামতি অৱস্থা ৷ বোকা তথা আৱৰ্জনাসমূহ চাফা নকৰাৰ ফলত নলাৰ পাইপত সেইসমূহ জমা হৈ আৱৰ্জনা আৰু অন্যান্য সামগ্ৰীৰে সাধাৰণ বৰষুন হ'লেই সময়ত বাট-পথকে ধৰি অন্য অঞ্চলসমূহ বানপানীৰে ভৰি পৰে ৷ নগৰত হোৱা বানপানীৰ আন এক কাৰণ হৈছে অনৈতিক নিৰ্মাণ ৷ এইসমূহ অনৈতিক আৰ্হিয়ে দেশৰ প্ৰধান চহৰ তথা নগৰত বৰষুনৰ পানী বৈ যোৱাত বাধা প্ৰদান কৰা মুখ্য কাৰণ হৈ পৰিছে ৷ ক্ষীপ্ৰ নগৰীকৰণ আৰু নীতিবৰ্হিভূত নিৰ্মাণ, জলাশয় তথা পানীৰ উৎস অধিগ্ৰহণ, নলাৰ সীমিত নিয়ন্ত্ৰণ ব্যৱস্থাৰ ভয়ংকৰ প্ৰভাৱ দেখা গৈছে ৷ ইয়ে পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক জটিল কৰি তুলিছে ৷

এইসমূহ বাধা অতিক্ৰম কৰিবলৈ গৈ বানপানীয়ে প্ৰতিবছৰে অধিক ক্ষতিসাধণ কৰিছে ৷ নলা ব্যৱস্থাত হোৱা অধিগ্ৰহণ আৰু বৰষুনৰ পানী বৈ যোৱা উৎসসমূহ খন্দাৰ ফলত অধিক জটিল হৈছে পৰিস্থিতি ৷ প্ৰতিবছৰে বাৰিষাৰ পূৰ্বেই পানী বৈ যোৱা নলাসমূহ খান্দি ইয়াক আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি চাফা কৰাটো প্ৰয়োজন হৈ পৰিছে ৷

নলাৰ গতি উন্নত কৰা

বানৰ পৰিমান বাৰিষাৰ সময়ত হোৱা অত্যধিক পানীৰ পৰিমান নিখুটভাৱে গণনা কৰি তথা উপগ্ৰহৰ পৰা পোৱা তথ্যৰ ভিত্তিত ইয়াৰ দ্বাৰা নলা আৰু বৰষুনৰ পানী বৈ যোৱা ঠাইসমূহ মুকলি কৰাটো প্ৰয়োজনীয় হৈ পৰিছে ৷ যদিহে বৰষুনৰ পানী ভূভাগলৈ প্ৰেৰণ কৰা নহয় তেতিয়া সকলো প্ৰচেষ্টা অথলে যাব ৷ যদিহে আমি প্ৰতিটোপাল পানী সংৰক্ষণ কৰাৰ লগতে ইয়াক পৰিশোধন কৰি ভূভাগলৈ প্ৰেৰণ কৰিব পাৰো তেতিয়া আমি বানপানী প্ৰতিৰোধ কৰিব পাৰিম আৰু ইয়াৰ দ্বাৰা ভূভাগৰ পানীৰ স্তৰো বৃদ্ধি পাব ৷ প্ৰতিবছৰে বানপানীৰ সমস্যাৰে জৰ্জৰিত হোৱাৰ পিচতো আৱশ্যকীয় কাৰ্যনীতি গ্ৰহণ কৰিব নোৱাৰাটো অধিকে দুৰ্ভাগ্যজনক ৷

হৰপ্পা সভ্যতাৰ নলা ব্যৱস্থাৰ আজিৰ পৰা হাজাৰ বছৰ আগতে তেওঁলোকে কৰা পানী সংৰক্ষণ ব্যৱস্থাৰ পৰা আমাৰ শিকিবলগীয়া বহুত আছে ৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ দেশসমূহে বানপানী প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহ নিখুটভাৱে অধ্যয়ন কৰি তাক আমাৰ দেশত প্ৰযোজ্য কৰাটো প্ৰয়োজনীয় হৈ পৰিছে ৷ নলা আৰু বান নিয়ন্ত্ৰণ নীতি নিৰ্দিষ্ট চহৰ তথা অঞ্চলৰ জনসংখ্যা আৰু ভৌগলিক আধাৰৰ ওপৰত ভিত্তি কৰি প্ৰনয়ন কৰাটো গুৰুত্বপূৰ্ণ ৷ ইয়াৰ উপৰিও জলাশয় তথা পানীৰ উৎসত হোৱা অবৈধ অধিগ্ৰহণ আৰু অনৈতিক খনন ৰোধ কৰাটোও সমানে প্ৰয়োজনীয় হৈ পৰিছে ৷ ইয়াৰ দ্বাৰাই নগৰ তথা চহৰ আৰু বানপীড়িত অঞ্চলত বানপানীৰ প্ৰকোপ ৰোধ কৰি সেই অঞ্চলৰ ৰাইজৰ জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰি তুলিব পৰা যাব ৷

লগতে পঢ়কঃ লকডাউনৰ পিচতেই ৰাজ্যত হোৰাহোৰে বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি শাকপাচলিৰ মূল্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.