নিউজ ডেস্ক, 4 এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ উৎপত্তিৰ স্থল চীনৰ ওহান চহৰ বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে দাবী কৰে ৷ কিন্তু এই ৰোগ বিধক কৰ'ণা অথবা কভিড 19 বুলি কিয় কোৱা হয় এই বিষয়ে বহুতেই জ্ঞাত নহয় ৷ যিকোনো এখন দেশ, ৰাজ্য অথবা সম্প্ৰদায়ৰ ওপৰত প্ৰভাৱ নপৰাকৈ কোনো এটা ৰোগ বা ভাইৰাছৰ নামকৰণ কৰা হয় ৷ জানিব পৰা মতে,
- বীজাণুৰ আনুবংশিক গঠনৰ ওপৰত ভিত্তি কৰি আন্তৰাষ্ট্ৰীয় সমিতিয়ে বীজাণুটোৰ নাম নিৰ্ধাৰণ কৰে ৷
- বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা আন্তজাতিক শ্ৰেণীবিন্যাসৰ ওপৰত ভিত্তি কৰি ৰোগবিধৰ নামকৰণ কৰা হয় ৷
- কৰ'ণা ভাইৰাছক পোনপ্ৰথমে অস্থায়ীভাৱে 2019-nCoV হিচাপে নামকৰণ কৰা হৈছিল ৷
- চলিত বৰ্ষৰ 11 ফেব্ৰুৱাৰীত বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা ভাইবিধৰ আনুষ্ঠানিক নামৰ ঘোষণা কৰা হয় ৷
- বিশ্ব স্বাস্থ্য সংস্থাই এই ৰোগবিধৰ কভিড 19 বুলি ঘোষণা কৰে ৷
- বিগত বৰ্ষত চীনৰ ওহান চহৰৰ জৰিয়তে এই ৰোগৰ বিষয়ে জানিব পৰা গৈছিল ৷
- পোনপ্ৰথমতে এই ভাইৰাছ বিধক SARS-CoV- 2 বুলি নাম দিয়া হৈছিল ৷
- ইতিপূৰ্বে 2003 চনত SARS মহামাৰীয়ে এছিয়াৰ কেবাখনো দেশত ত্ৰাসৰ সৃষ্টি কৰিছিল ৷
কৰ'ণা শব্দটো লেটিন ভাষাৰ তাজ শব্দৰ পৰা অহা , ভাইৰাছটোৰ ওপৰিভাগ স্পাইক প্ৰটিন'ৰ দৰে হোৱা বাবে দেখিবলৈ এইটো মুকুট অথবা তাজৰ দৰে ৷
উল্লেখ্য যে, কৰ'ণা ভাইৰাছ সম্বোধন কৰাৰ সময়ত কিছু সতৰ্ক হওঁক ৷ বৰ্তমান এই ৰোগবিধে ভিন্ন নাম লৈ বীজাণু বিয়পাইছে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে টুইটাৰৰ জৰিয়তে এই ভাইৰাছবিধক "চীনী ভাইৰাছ" বুলি প্ৰকাশ কৰাৰ পাছতে ছ'ছিয়েল মিডিয়াত ভাইৰেল পৰে ৷ ফলত বিশ্ব স্বাস্থ্য সংস্থাই ৰাষ্ট্ৰপতিগৰাকীক সতৰ্ক কৰি কয় যে এই টুইটটোৰ ফলত বৰ্ণবাদৰ সৃষ্টি হ'ব পাৰে ৷
কোনো এখন দেশ বা ক্ষেত্ৰ ৰোগৰ নামৰ দ্বাৰা যাতে প্ৰভাৱিত নহয় ইয়াকে সুনিশ্চিত কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই 2015 চনত মানৱ সংক্ৰমণ ৰোগৰ ক্ষেত্ৰত এখন নিৰ্দেশনা জাৰি কৰে ৷ বিশ্ব স্বাস্থ্য সংস্থাই সকলো প্ৰতিবেদনৰ ওপৰত ধ্যান ৰাখি এই ৰোগবিধক কৰ'ণা ভাইৰাছ বুলি নামকৰণ কৰে ৷