নিউজ ডেস্ক, 23 জুনঃ মধ্য প্ৰদেশৰ ইন্দোৰত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ চহৰখনত এগৰাকী 21 বছৰীয়া গৰ্ভৱতী মহিলাক গুলীয়াই হত্যা কৰে নিজৰ ভাতৃ কাৰ্তিক আৰু শুভমে ৷
নিজৰ জাতিৰ বাহিৰত বিয়া হোৱাৰ বাবেই এইদৰে হত্যাৰ বলি হয় গৰ্ভৱতী মহিলাগৰাকী ৷ ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছে মহিলাগৰাকীৰ স্বামীয়ে ৷ ইতিমধ্যে মধ্যপ্ৰদেশৰ ভীমা আৰক্ষী চকীত আত্মসমৰ্পন কৰা দুই ভাতৃক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷