নিউজ ডেস্ক, 21 নৱেম্বৰ: বৃহস্পতিবাৰে লোকসভাত প্ৰত্যাখান হ'ল পশ্চিম বংগৰ নাম সলনি কৰাৰ প্ৰস্তাৱ ৷ লোকসভাত ৰাজ্যিক গৃহমন্ত্ৰী নিত্যনন্দ ৰায়ে এই প্ৰস্তাৱ প্ৰত্যাখান কৰি কয় যে ৰাজ্য এখনৰ নাম এনেদৰে সলনি কৰিব পৰা নাযায় ইয়াৰ বাবে সংবিধান সংশোধনৰ প্ৰয়োজন তেনেস্থলত এই প্ৰস্তাৱ গ্ৰহণ কৰিব পৰা নাযায় ৷
মন কৰিবলগীয়া যে,যোৱা বছৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰায় 25 খন চহৰ আৰু গাঁৱৰ নাম সলনি কৰা প্ৰস্তাৱত সন্মতি প্ৰদান কৰিছিল কিন্তু পশ্চিমবংগৰ ক্ষেত্ৰত এই নাম সলনিৰ প্ৰস্তাৱত গৃহ মন্ত্ৰালয়ক সন্মতি প্ৰদান কৰা দেখা নগ'ল ৷ যিকি নহওক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এই প্ৰস্তাৱৰ পাচতে এলাহবাদৰ নাম সলনি কৰি প্ৰয়াগৰাজ আৰু ফেইযাবাদৰ নাম সলনি কৰি অযোধ্যা ৰখা হৈছিল ৷
আৰু পঢ়ক: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীঃ বাহিৰৰ নেতাক বিশ্বাস নকৰিবলৈ আহ্বান মমতাৰ