ETV Bharat / bharat

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ সৈতে বৃক্ষৰোপন কাৰ্যসূচীত অংশ ল'ব গৃহমন্ত্ৰী অমিত শ্বাহে

author img

By

Published : Jul 12, 2020, 12:06 PM IST

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে, কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীয়ে আয়োজন কৰা সৰ্বভাৰতীয় বৃক্ষৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ গৃহমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ গুৰুগ্ৰামস্থিত গ্ৰুপ চেন্টাৰত এই কাৰ্যসূচী উদ্বোধন কৰাৰ লগতে বাকী পাঁচটা অৰ্ধসামৰিক বাহিনীৰ সৈতেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷

বৃক্ষৰোপন কাৰ্যসূচীত অংশ ল'ব গৃহমন্ত্ৰী অমিত শ্বাহে

নিউজ ডেস্ক, 12 জুলাই : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে এক বৃহৎ বৃক্ষৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ দ্বাৰা আয়োজিত সৰ্বভাৰতীয় বৃক্ষৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

প্ৰথমে চিআৰপিএফৰ গুৰুগ্ৰামস্থিত গ্ৰুপ চেন্টাৰত এই কাৰ্যসূচী উদ্বোধন কৰিব আৰু তাৰ পিচতে বিএছএফ, চিআইএছএফ, আইটিবিপি, এছএছবিৰ সৈতেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ আনহাতে একেদিনাই কেদাৰপুৰস্থিত চিআৰপিএফ একাডেমি পৰিভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

এই কাৰ্যসূচীত পাঁচোটা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত শীৰ্ষ বিষয়াসকল গৃহমন্ত্ৰীৰ সৈতে উপস্থিত থাকিব আৰু গৃহমন্ত্ৰীয়ে তেওঁলোকক উদ্দেশ্যি ভাষণো প্ৰদান কৰিব ৷ উল্লেখ্যে যে, দেশৰ আটাইকেইটা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীয়ে সমগ্ৰ দেশতে সৰ্বভাৰতীয় বৃক্ষৰোপন কাৰ্যসূচীৰ দ্বাৰা 1.35 কোটি গছপুলি ৰোপনৰ সিদ্ধান্ত লৈছে আৰু এমাহৰ ভিতৰতে এই কাম সম্পন্ন কৰি তোলা হ'ব ৷ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত প্ৰায় 20 লাখ গছপুলি ৰোপন কৰা হৈছে আৰু ইয়াৰ ভিতৰত প্ৰায় 10 লাখ গছপুলি চিআৰপিএফৰ দ্বাৰা ৰোপন কৰা হৈছে ৷ চিআৰপিএফৰ উপ-মহানিৰ্দেশক মোছেচ ধিনাকৰণে এই কথা প্ৰকাশ কৰিছে ৷ এই কাৰ্যসূচীৰ অংশস্বৰূপে বিএছএফে প্ৰায় 2.5 লাখ গছপুলি ৰোপন কৰিব ৷

উল্লেখ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনস্থ এই কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী কেইটা হৈছে, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF), সীমা সুৰক্ষা বল (BSF), ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনী (ITBP), কেন্দ্ৰীয় উদ্যোগিত সুৰক্ষা বাহিনী (CISF) আৰু সশস্ত্ৰ সীমা বল (SSB) তথা এই শাখাৰ আন দুটা কেন্দ্ৰীয় বাহিনী হৈছে নেশ্বনেল ছিকিউৰিটী গাৰ্ড (NSG) আৰু নেশ্বনেল ডিজাষ্টাৰ ৰিলিফ ফৰ্চ (NDRF) ৷ এই আটাইকেইটা বাহিনীৰ প্ৰায় 10 লাখ কৰ্মচাৰীক একেলগে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নাম দিয়া হৈছে ৷ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত বিভিন্ন সুৰক্ষাজনিত কৰ্তব্য, আইন-শৃংখলা ব্যৱস্থাপনা, সীমান্ত সুৰক্ষা, বিদ্ৰোহী আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান, দুৰ্যোগ ব্যৱস্থাপনা আৰু সহায় অভিযানৰ দায়িত্ব পালন কৰে ৷

লগতে পঢ়কঃ দেওবাৰে হ'ব মধ্যপ্ৰদেশ মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.