ETV Bharat / bharat

পিয়াজ ক্ৰয় বৃদ্ধি কৰিবলৈ কেন্দ্ৰক আহ্বান মহাৰাষ্ট্ৰ চৰকাৰৰ

author img

By

Published : May 7, 2020, 11:20 AM IST

মহাৰাষ্ট্ৰ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে কেন্দ্ৰীয় চৰকাৰক পিয়াজ ক্ৰয়ৰ পৰিমান ৪০,০০০ মেট্ৰিক টনৰ পৰিৱৰ্তে ৫০,০০০ মেট্ৰিক টনলৈ বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে । মহাৰাষ্ট্ৰত উৎপাদন হোৱা পিয়াজৰ সংখ্যা বৃদ্ধিৰ বাবেই কেন্দ্ৰক এই আহ্বান জনাইছে অজিত পাৱাৰে ।

কেন্দ্ৰক আহ্বান মহাৰাষ্ট্ৰ চৰকাৰৰ
কেন্দ্ৰক আহ্বান মহাৰাষ্ট্ৰ চৰকাৰৰ

নিউজ ডেস্ক, ৭ মে' : মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে ৰাজ্যখনত পিয়াজৰ উৎপাদন বৃদ্ধিৰ হোৱা বাবে এক বিশেষ আহ্বান জনাইছে । নেশ্বনেল এগ্ৰিকালচাৰেল ক'ৰ্পৰেশ্বন ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ দ্বাৰা এই নিৰিখ পূৰ্বৰ ৪০হাজাৰ মেট্ৰিক টনৰ পৰা ৫০ হাজাৰ মেট্ৰিক টনলৈ বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে অজিত পাৱাৰে ।

নেশ্বনেল এগ্ৰিকালচাৰেল ক'ৰ্পৰেশ্বন ফেডাৰেশ্বন অৱ ইণ্ডিয়া হৈছে ভাৰত চৰকাৰৰ এক কেন্দ্ৰীয় এজেন্সি যিয়ে কৃষিজাত সামগ্ৰীৰ কো-অপাৰেটিভ বজাৰখন সুকলমে চলাই নিয়াৰ লগতে কৃষকৰ বাবে কাম কৰে । মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা যোগান মন্ত্ৰী ৰামবিলাস পাছোৱানলৈ এক পত্ৰ লিখি এই আহ্বান জনাইছে ।

ৰাজ্যখনত শেহতীয়াকৈ পিয়াজৰ উৎপাদনত বিশেষ বৃদ্ধি পৰিলক্ষিত হৈছে আৰু লকডাউনৰ মাজত এইসমূহ পিয়াজ ক্ৰয়ৰ বাবে এইদৰে কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনাইছে অজিত পাৱাৰে । আনহাতে ৰবি শস্য উৎপাদনৰ সময়তো উপযুক্ত বতৰৰ বাবে পিয়াজৰ উৎপাদন আৰু অধিক বৃদ্ধি পাব বুলি মন্তব্য কৰে অজিত পাৱাৰে ।

লগতে পঢ়কঃ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ন্যায়াধীশ দীপক গুপ্তাক বিদায় সম্ভাষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.