ETV Bharat / bharat

মানৱ অংগ কঢ়িয়াই নিয়া হেলিকপ্টাৰ এম্বুলেন্স দুৰ্ঘটনাত পতিত - দক্ষিণ কেলিফৰ্নিয়াত দুৰ্ঘটনাত পতিত হেলিকপ্টাৰ এম্বুলেন্স

এটা অস্ত্ৰোপ্ৰচাৰৰ বাবে মানৱ অংগ কঢ়িয়াই নিছিল হেলিকপ্টাৰ এম্বুলেন্স খনে ৷ কথমপি প্ৰাণৰক্ষা হেলিকপ্টাৰ খনৰ পাইলটৰ লগতে আন দুগৰাকী লোকৰ ৷

helicopter-delivering-human-organ-crashes-in-los-angeles
দক্ষিণ কেলিফৰ্নিয়াত দুৰ্ঘটনাত পতিত হেলিকপ্টাৰ এম্বুলেন্স
author img

By

Published : Nov 7, 2020, 10:21 AM IST

নিউজ ডেস্ক, 7 নৱেম্বৰ: দক্ষিণ কেলিফৰ্নিয়া সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা ৷ শুকুৰবাৰে বিয়লি প্ৰায় 3 বজাত দুৰ্ঘটনাত পতিত হয় চিকিৎসালয়লৈ মানৱ অঙ্গ কঢ়িয়াই নিয়া এখন হেলিপ্টাৰ ৷ বয়েল হেইচস্থিত দক্ষিণ কেলিফৰ্নিয়াৰ বিশ্ববিদ্যালয়ৰ অধীনৰ কেক হাস্পতালৰ চাদত থকা হেলিপেডত অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হয় ব্যক্তিগত হেলিকপ্টাৰ এম্বুলেন্সখন ৷ কিন্তু কোনোধৰণৰ গুৰুতৰ আঘাত অবিহনে প্ৰাণ ৰক্ষা পৰে হেলিকপ্টাৰ খনৰ পাইলটসহ আন দুজন লোকৰ ৷ উক্ত দুৰ্ঘটনাত কোনোধৰণৰ অগ্নিকাণ্ড হোৱা নাছিল বুলি উল্লেখ কৰি ঘটনাৰ সময়ত কোনো গুৰুত্বপূৰ্ণ ইন্ধন লিক হোৱা নাছিল বুলি টুইটাৰ যোগে প্ৰকাশ কৰিছে লছ এঞ্জেলচৰ অগ্নি নিৰ্বাপক বিভাগে ৷

উল্লেখ্য যে,অস্ত্ৰোপ্ৰচাৰত ব্যৱহাৰৰ বাবে হেলিকপ্টাৰ খনে কঢ়িয়াই নিয়া মানৱ অংগটো সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে ৷ পাছত অংগটো USC ৰাজ্যিক চিকিৎসালয় কৰ্তৃপক্ষক গতাই দিয়ে উদ্ধাৰকাৰী দলে ৷ ইতিমধ্যে অস্ত্ৰোপচাৰৰ জড়িয়তে অংগটো সফল ভাৱে সংৰূপন কৰা হৈছে বুলি জনাইছে চিকিৎসালয়খনৰ কৰ্তৃপক্ষই ৷

লগতে পঢ়কঃ অসম ত্ৰিপুৰা সীমান্তত তিনি নাইজেৰিয়ান নাগৰিক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.