ETV Bharat / bharat

কয়লা খনিত প্ৰাণ হেৰুৱালে 11 জন শ্ৰমিকে

ইণ্ডোনেছিয়াৰ এটা কয়লা খনিত সংঘটিত ভূমিস্খলনত নিহত হৈছে 11 গৰাকী শ্ৰমিক ৷ দক্ষিণ সুমাত্ৰাৰ মুৱাৰা এনিম জিলাৰ টানজুং লালাং গাঁৱত থকা খনিটোৰ সুৰংগৰ 65 ফুট গভীৰতাত এই ভূমিস্খলন সংঘটিত হয় ৷

author img

By

Published : Oct 22, 2020, 5:09 PM IST

Heavy rain causes
Heavy rain causes

ইন্টাৰনেশ্যনেল ডেস্ক : প্ৰৱল বৃষ্টিপাতৰ ফলত ইণ্ডোনেছিয়াৰ সুমাত্ৰা দ্বীপত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ এটা কয়লা খনিত সংঘটিত ভূমিস্খলনত নিহত হৈছে 11 গৰাকী শ্ৰমিক ৷ দক্ষিণ সুমাত্ৰাৰ মুৱাৰা এনিম জিলাৰ টানজুং লালাং গাঁৱত থকা খনিটোৰ সুৰংগৰ 65 ফুট গভীৰতাত এই ভূমিস্খলন সংঘটিত হয় ৷ স্থানীয় উদ্ধাৰকাৰী দলে আটাইকেইজনৰে মৃতদেহ উদ্ধাৰ কৰে ৷

ইণ্ডোনেছিয়া হৈছে প্ৰায় 17000 সৰু-বৰ দ্বীপৰ সমষ্টি, য’ত সৰহ সংখ্যক লোকেই পাৰ্বত্য অঞ্চল আৰু নদী কাষৰীয়া প্লাৱন ভূমিত বাস কৰে ৷ ইণ্ডোনেছিয়াৰ বতৰ বিজ্ঞান, জলবায়ু জলবায়ু অধ্যয়ন সংস্থাই জনোৱা মতে, অহা তিনি দিনত সেই অঞ্চলত পাতলীয়া ধৰণে বৰষুণ অব্যাহত থাকিব ৷ ইণ্ডোনেছিয়াৰ প্ৰায়সমূহ অঞ্চলতে অক্টোবৰত বাৰিষা আৰম্ভ হয় ৷

লগতে পঢ়ক : স্থলসেনাত সংযোজিত হ'বলৈ সাজু নাগ ক্ষেপনাস্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.