ETV Bharat / bharat

ক'ৰণা ভাইৰাছৰ নতুন লক্ষণ সন্দৰ্ভত উচ্চস্তৰীয় বৈঠকৰ আহ্বান স্বাস্থ্য মন্ত্ৰণালয়ৰ

ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে শনিবাৰে নতুন ক'ৰণা ভাইৰাছৰ প্ৰভাৱৰ বহু সহজে সংক্ৰমিত হয় বুলি উল্লেখ কৰিছিল। বৰিছ জনছনে নতুন ক'ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে শনিবাৰে লণ্ডন আৰু পূৱ ইংলেণ্ডত  সকলোকে "ঘৰত থকাৰ" বাবে নিৰ্দেশনা জাৰি কৰে ।

author img

By

Published : Dec 21, 2020, 8:30 AM IST

নতুন ক'ৰণা ভাইৰাছৰ সন্দৰ্ভত আলোচনাৰ বাবে স্বাস্থ্য মন্ত্ৰণালয়ৰ উচ্চস্তৰীয় বৈঠকৰ আহ্বান
health ministry to discuss new covid 19 strain found in uk

নিউজ ডেস্ক,২১ ডিচেম্বৰ: আমেৰিকা যুক্তৰাষ্ট্ৰত নতুনকৈ পোৱা ক'ৰণা ভাইৰাছৰ নতুন লক্ষণৰ বিষয়ে আলোচনা কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জৰুৰীভাৱে সোমবাৰে এখন উচ্চস্তৰীয় বৈঠকৰ আহ্বান জনাইছে । এগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াই কয় যে, যুটীয়া নিৰীক্ষণ গোটে (জেজিমে) যুক্তৰাষ্ট্ৰত পোৱা নতুন ক'ৰণা ভাইৰাছৰ লক্ষণৰ বিষয়ে আলোচনা কৰাৰ বাবে এই বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে । বৈঠকত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰিব ।

বিষয়াগৰাকীয়ে লগতে কয় যে,ভাৰতত এতিয়াও ক'ৰণা ভাইৰাছৰ প্ৰভাৱৰ কোনো গুৰুতৰ পৰিৱৰ্তন হোৱা নাই । দেশত ক'ৰণা ভাইৰাছৰ প্ৰভাৱৰ ওপৰত নিকটভাৱে অধ্যয়ন কৰি থকা হৈছে । ইয়াৰ লগতে বিশ্বত ক'ৰণা ভাইৰাছৰ প্ৰভাৱৰ যিকোনো পৰিৱৰ্তনৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰখা হৈছে ।

আনহাতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি,ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে শনিবাৰে নতুন ক'ৰণা ভাইৰাছৰ প্ৰভাৱৰ বহু সহজে সংক্ৰমিত হয় বুলি উল্লেখ কৰিছিল। বৰিছ জনছনে নতুন ক'ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে শনিবাৰে লণ্ডন আৰু পূৱ ইংলেণ্ডত সকলোকে "ঘৰত থকাৰ" বাবে নিৰ্দেশনা জাৰি কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.