ETV Bharat / bharat

আৱাসিক এলেকাত কোভিড কেয়াৰ কেন্দ্ৰ স্থাপনৰ অনুমতি কেন্দ্ৰীয় চৰকাৰৰ - গৃহ মন্ত্ৰালয়

দেশৰ প্ৰায় প্ৰতিখন আগশাৰীৰ চহৰৰ আৱাসিক এলেকাসমূহত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে কোভিড কেয়াৰ কেন্দ্ৰ স্থাপনৰ অনুমতি প্ৰদান কৰিছে গৃহ মন্ত্ৰালয়ে ৷ নিৰ্দেশনা পত্ৰখনত আৱাসিক এলেকাসমূহত বাস কৰা ব্যক্তিসকলৰ বাবে কৰ’ণা ভাইৰাছ ৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া স্বাস্থ্য সম্পৰ্কীয় সকলো সুবিধা উপলব্ধ হ’ব বুলি জাৰি কৰা হৈছে ৷ উক্ত কেন্দ্ৰসমূহ আৱাসিক এলেকাৰ অন্তৰ্গত সমূহীয়া হল, অথবা খালী ফ্লেট আদিত স্থাপন কৰিব পৰা যাব ৷ কিন্তু এই কেন্দ্ৰ সাধাৰণ লোকৰ বসতিস্থলৰ পৰা পৃথক হোৱা উচিত বুলি নিৰ্দেশ জাৰি কৰা হৈছে নিৰ্দেশনা পত্ৰত ৷

Health Ministry issues guidelines for gated housing complexes to set up COVID facilities etv bharat news
কোভিড কেয়াৰ কেন্দ্ৰ
author img

By

Published : Jul 21, 2020, 1:58 PM IST

নতুন দিল্লী,21 জুলাই: ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে ৷ দেশৰ প্ৰায় প্ৰতিখন আগশাৰীৰ চহৰৰ আৱাসিক এলেকাসমূহত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে কোভিড কেয়াৰ কেন্দ্ৰ স্থাপনৰ অনুমতি প্ৰদান কৰিছে গৃহ মন্ত্ৰালয়ে ৷ নিৰ্দেশনা পত্ৰখনত আৱাসিক এলেকাসমূহত বাস কৰা ব্যক্তিসকলৰ বাবে কৰ’ণা ভাইৰাছ ৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া স্বাস্থ্য সম্পৰ্কীয় সকলো সুবিধা উপলব্ধ হ’ব বুলি উল্লেখ কৰা হৈছে ৷ উক্ত কেন্দ্ৰসমূহ আৱাসিক এলেকাৰ অন্তৰ্গত সমূহীয়া হল, অথবা খালী ফ্লেট আদিত স্থাপন কৰিব পৰা যাব ৷

কিন্তু এই কেন্দ্ৰ সাধাৰণ লোকৰ বসতিস্থলৰ পৰা পৃথক হোৱা উচিত বুলি উল্লেখ কৰা হৈছে নিৰ্দেশনা পত্ৰত ৷ তদুপৰি সংক্ৰমণ ৰোধ হ’বলৈ কেন্দ্ৰটোৰ প্ৰৱেশ আৰু বাহিৰলৈ অহা পথ দুটা পৃথক হোৱাৰ লগতে স্বচ্ছতা বজাই ৰাখিবলৈ চেনিটাইজাৰ আৰু থাৰ্মেল স্ক্ৰীনিঙৰ ব্যৱস্থা ৰাখিব লাগিব ৷ কেন্দ্ৰটোত থাকিবলগীয়া বিচনাসমূহৰ মাজত অতি কমেও 1 মিটাৰ(3 ফুট) দূৰত্ব বজাই ৰখা উচিত ৷ ইয়াৰোপৰি নিৰ্দেশনাত জাৰি কৰা আদেশ অনুসৰি, গাৰু কভাৰ, তুলি আদি 72 ঘণ্টা পৰ্যন্ত ডিছপ’জেবল বেগত ৰাখিব আৰু পৰৱৰ্তী সময়ত পুনৰ ব্যৱহাৰ কৰিবলৈ ৰোগীৰ ঘৰতে ধুব পাৰিব ৷ লগতে সঘনে ব্যৱহাৰ হৈ থকা সামগ্ৰীসমূহ দিনত দুবাৰকৈ কীটাণুনাশক পদাৰ্থৰে চাফা কৰিব লাগিব ৷ পৰীক্ষাগাৰ আদিত কৰাৰ দৰে প্ৰতিদিনে উক্ত কোঠাসমূহ তিনিবাৰকৈ চেনিটাইজেচন কৰিব লাগিব ৷ উক্ত কোভিড পৰামৰ্শ কেন্দ্ৰ সমূহৰ বাবে পঞ্জীয়নকৃত চিকিৎসকৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সংশ্লিষ্ট কৰ্তৃপক্ষই ৷ কৰ’ণাত আক্ৰান্ত ৰোগীসকলে তিনি তৰপীয়া মাস্ক পৰিধান কৰিব লাগিব বুলি নিৰ্দেশনাত স্পষ্টভাৱে নিৰ্দেশ প্ৰদান কৰিছে গৃহ মন্ত্ৰালয়ে ৷ আক্ৰান্ত ব্যক্তিসকলে উক্ত কেন্দ্ৰটোত ভৰ্তি হোৱাৰ পিছত যাতে অন্য লোকৰ সংস্পৰ্শলৈ আহিব নোৱাৰে তাৰ প্ৰতি কঠোৰ হ’বলৈ উক্ত নিৰ্দেশনাত উল্লেখ কৰা হৈছে ৷

আনহাতে, নিৰ্দেশনা পত্ৰখনৰ জৰিয়তে 65 বছৰৰ ওপৰৰ ব্যক্তি, গৰ্ভৱতী, বিশেষভাৱে সক্ষম ব্যক্তি তথা দহ বছৰ বয়সৰ শিশুক বাহিৰলৈ অহাৰ পৰিৱৰ্তে ঘৰতে থাকিবলৈ আহ্বান জনোৱা হৈছে ৷ উক্ত আৱাসিক এলেকাসমূহলৈ ভিন্ন সময়ত অহা দৰ্শনাৰ্থী তথা কৰ্মচাৰীসকলৰ প্ৰৱেশ পথত থাৰ্মেল স্ক্ৰীনিং সম্পন্ন হোৱাৰ পিছতহে ভিতৰত প্ৰৱেশ কৰিব পাৰিব ৷ ঠিক একেদৰে,পাচলি ব্যৱসায়ী, ঘৰুৱা কামত সহায়কাৰী, গাড়ীচালক আৰু ডেলিভাৰী বয়ৰ ক্ষেত্ৰতো একে নীতি প্ৰযোজ্য হ’ব ৷ আৱাসিক এলেকাসমূহৰ ভিতৰত থকা পাৰ্ক, কৰিড’ৰ, লিফট, জীম, ক্লাৱ আদিৰ ক্ষেত্ৰতো প্ৰায় 6 ফুটৰ সামাজিক দুৰত্ব মানি চলিব লাগিব ৷ অধিক সংখ্যক লোকে একে সময়তে লিফট ব্যৱহাৰ কৰিব নোৱাৰিব ৷ মানুহৰ সংস্পৰ্ষলৈ অহা যিকোনো সামগ্ৰী যেনে, দুৱাৰ, বেঞ্চ, লিফটৰ বুটাম, ইলেক্ট্ৰনিক বিভিন্ন সামগ্ৰী আদি সঘনাই পৰিস্কাৰ কৰি থাকিব লাগিব বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনাপত্ৰখনত উল্লেখ কৰা হৈছে ৷

লগতে চাওকঃ হাৰিয়ানাৰ নুহ জিলা : মোবাইল ইন্টাৰনেট অবিহনে স্থবিৰ হৈছে অনলাইন শিক্ষা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.