নিউজ ডেস্ক, ৯ এপ্ৰিলঃ স্বাস্থ্য মন্ত্ৰণালয়ে বুধবাৰে COVID-১৯ ৰ আক্ৰান্ত আৰু কোৱাৰেণ্টাইন হৈ থকা ৰোগীৰ নাম গোপনীয় কৰি ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে COVID-১৯ ভাইৰাছত আক্ৰান্ত আৰু অত্যাৱশকীয় সেৱা প্ৰদান কৰা লোকৰ পৰা সামাজিক কলংক দূৰ কৰাৰ এটি পৰামৰ্শ প্ৰদান কৰে । কোনো লোক এই ভাইৰাছত সংক্ৰমণ হ'লে সেইয়া লোকজনৰ দোষ নহয় বুলি উল্লেখ কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ।
বৰ্তমান সংকটৰ সময়ত ৰোগী আৰু পৰিয়ালক সহায়-সহযোগিতাৰ প্ৰয়োজন । আনহাতে বহু লোকেই এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে । পৰাপক্ষত COVID-১৯ আক্ৰান্ত ৰোগীতকৈ তেওঁলোকক COVID-১৯ ৰ পৰা পুনৰ উদ্ধাৰকাৰী মানুহ হিচাপে অভিহিত কৰাৰ আহ্বান ।
লগতে কয়, প্ৰয়োজনীয় পৰিসেৱা প্ৰদান কৰা আৰু তেওঁলোকৰ পৰিয়ালক লক্ষ্য কৰি লোৱাটো COVID-১৯ ৰ বিৰুদ্ধে যুঁজক দুৰ্বল কৰাৰ লগতে ৰাষ্ট্ৰৰ বাবে এক ক্ষতিকাৰক হ'ব পাৰে ।
COVID-১৯ ৰ লগত জড়িত সামাজিক ব্যাধিক সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰণালয়ে উল্লেখ কৰে যে, স্বাস্থ্য় বিষয়া, স্বচ্ছতা কৰ্মচাৰী আৰু আৰক্ষী প্ৰশাসনৰ দ্বাৰা প্ৰভাৱিত হ'ব পৰা ঘটনা সমূহো ৰিপৰ্ট কৰা হৈছে । এই সকল লোকে সন্মুখৰ পৰা এই ভাইৰাছৰ বিৰুদ্ধে যুঁজত অংশ গ্ৰহণ কৰি আহিছে । সংক্ৰমণৰ সম্পৰ্কে ভয় আৰু অপবাদৰ বাবেই সমাজত বৈষম্যৰ সৃষ্টি হৈছে ।
আনকি যি সকল এই ৰোগৰ পৰা পুনৰ উদ্ধাৰ হৈছে তেওঁলোকো এই বৈষম্যৰ সন্মুখীন হৈছে । ইয়াৰ ওপৰি ছ'চিয়েল মিডিয়াৰ অপবাদ ইত্যাদি নানান ঘটনাৰ বাবেই নিৰ্দিষ্ট কিছুমান সম্প্ৰদায়ৰ লগতে অঞ্চল সমূহক সেই দৰে অংকন কৰা হৈছে । এইধৰণৰ কুঃসংস্কাৰ প্ৰতিহত কৰা তথা স্বাস্থ্য শিক্ষাৰ অধিকাৰী সম্প্ৰদায় হিচাপে গড় দিয়া অতিকৈ জৰুৰী বুলি উল্লেখ কৰে ।
চেনিটাৰী কৰ্মচাৰী আৰু পুলিছ বিষয়া, কৰ্মীয়ে অহৰহ চেষ্টা চলাই গৈছে COVID-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ । তেওঁলোক আমাৰ সহযোগিতা, শুভেচ্ছা আৰু প্ৰশংসাৰ অধিকাৰী ।