ETV Bharat / bharat

কোভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ অন্তিম সংস্কাৰৰ বাবে দিল্লী চৰকাৰৰ উত্তৰ বিচাৰিছে উচ্চ ন্য়ায়ালয়ে

'green crematoriums'ৰ জড়িয়তে শৱদেহৰ অন্তিম সংস্কাৰ কৰিলে কোনো ধৰণৰ বিজাণু বিয়পাৰ সুযোগ নাথাকে। এই ব্যৱস্থাৰে পটাছিয়াম হ্ৰাইড'ক্সাইড আৰু পানী ব্যৱহাৰ কৰি কোভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ অন্তিম সংস্কাৰৰ বাবে ন্যায়ালয়ৰ কাষ চাপিছিল এটা বেচৰকাৰী সংস্থাই।

দিল্লী উচ্চ ন্য়ায়ালয়
HC seeks Delhi govt response on PIL for cremation of COVID-19 victims
author img

By

Published : Jun 15, 2020, 5:55 PM IST

নিউজ ডেস্ক, ১৫ জুন : সোমবাৰে দিল্লী উচ্চ ন্য়ায়ালয়ে এটা জনস্বাৰ্থজনিত আৱেদন সন্দৰ্ভত দিল্লী চৰকাৰৰ পৰা উত্তৰ বিচাৰে। এটা বেচৰকাৰী সংস্থাই 'green crematoriums'ব্যৱস্থাৰ জড়িয়তে কোভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ অন্তিম সংস্কাৰৰ বাবে অনুমতি বিচাৰি ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল । সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে এই আৱেদন সন্দৰ্ভত শুনানি গ্ৰহণৰ বাবে দিল্লী চৰকাৰৰ পৰা এই সন্দৰ্ভত উত্তৰ বিচাৰে।

HC seeks Delhi govt response on PIL for cremation of COVID-19 victims
কোভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ অন্তিম সংস্কাৰৰ বাবে দিল্লী চৰকাৰৰ উত্তৰ বিচাৰিছে উচ্চ ন্য়ায়ালয়ে

দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰা বেচৰকাৰী সংস্থাটোৱে ইতিমধ্যে 'green crematoriums'স্থাপনৰ কাম কৰি আহিছে। 'green crematoriums'ৰ জড়িয়তে শৱদেহৰ অন্তিম সংস্কাৰ কৰিলে কোনো ধৰণৰ বিজাণু বিয়পাৰ সুযোগ নাথাকে। এই ব্যৱস্থাৰে পটাছিয়াম হ্ৰাইড'ক্সাইড আৰু পানী ব্যৱহাৰ কৰি কোভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ অন্তিম সংস্কাৰৰ বাবে ন্যায়ালয়ৰ কাষ চাপিছিল বেচৰকাৰী সংস্থাটোৱে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বেচৰকাৰী সংস্থাটোৱে পৰিৱেশ মন্ত্ৰণালয়, বন আৰু বতৰ পৰিবৰ্তন বিভাগ, ভাৰত চৰকাৰ আৰু ৰাষ্ট্ৰসংঘৰ সহযোগত ৪৬ টাকৈ 'green crematoriums' স্থাপন কৰিছে। ৭ খন জিলাত স্থাপন কৰা এই 'green crematoriums'ৰ ব্যৱস্থাসমূহৰ ভিতৰত ৰাজধানী চহৰখনতে ১৬ টা 'green crematoriums'ৰ ব্যৱস্থা স্থাপন কৰা হৈছে।

সংস্থাটোৱে উল্লেখ কৰা অনুসৰি, তেওঁলোকৰ এটা ৪ জনীয়া দলে দিল্লীৰ নিগমবোধ ঘাটত এই 'green crematoriums'স্থাপনৰ বাবে সাজু আছে।

আবেদনত উল্লেখ কৰা অনুসৰি, শৱদেহ সংস্কাৰৰ বাবে বেচৰকাৰী সংস্থাটোৱে ২২ মে'ত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগ আৰু দিল্লীৰ উপ ৰাজ্যপালক পত্ৰযোগে 'green crematoriums'স্থাপনৰ সন্দৰ্ভত জনাইছিল।

ন্যায়াধীশ ডি এন পাটেল আৰু প্ৰতীক জালানে এই বিষয়টো সন্দৰ্ভটো বিচাৰ অব্যাহত ৰাখিছে। ন্যায়াধিক দুগৰাকীয়ে সোমবাৰে এই আৱেদনৰ শুনানি গ্ৰহণ কৰি ২৯ জুনৰ ভিতৰত শৱদেহৰ সৎকাৰৰ ব্যৱস্থা সন্দৰ্ভত দিল্লী চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে।

লগতে পঢ়ক : হাতীৰ মৃত্যুক লৈ ছত্তিশগড়ত বনবিষয়াৰ লগতে বনৰক্ষী অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.