ETV Bharat / bharat

ৰাজীৱ গান্ধী হত্যাকাণ্ড : নলিনীৰ মুক্তিৰ আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ

নলিনীৰ মুক্তিৰ আবেদন নাকচ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৷ যাৱজ্জীৱন কাৰাদণ্ডৰ পৰা ৰেহাই বিচাৰি আবেদন দাখিল কৰিছিল নলিনীয়ে ৷

author img

By

Published : Mar 11, 2020, 10:44 PM IST

ৰাজীৱ গান্ধীৰ হত্যাকাৰী
নলিনী

নেশ্যনেল ডেস্ক, 11 মাৰ্চ : নিৰ্ধাৰিত সময়ৰ পূৰ্বে কাৰাগাৰৰ পৰা মুক্তি বিচাৰি আবেদন দাখিল কৰা ৰাজীৱ গান্ধীৰ হত্যাকাৰী নলিনীৰ আবেদন বুধবাৰে নাকচ কৰিছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ৷ ইয়াৰ বাবে ৰাজ্যপালৰ সন্মতি অনিবাৰ্য বুলি মত পোষণ কৰি নলিনীৰ আবেদন নাকচ কৰা হয় ৷

ভাৰতীয় সংবিধানৰ 161 নং অনুচ্ছেদ অনুসৰি, এনে কাৰ্যত ৰাজ্যপালে মন্ত্ৰী পৰিষদৰ পৰামৰ্শ লোৱাটো অনিবাৰ্য ৷ কিন্তু, এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ বাবে ৰাজ্যপালে হস্তাক্ষৰ কৰিব লাগিব ৷

ন্যায়াধীশ আৰ চুব্বাইয়া আৰু পোংগীয়াপ্পনৰ দ্বাৰা গঠিত বিচাৰক মণ্ডলীয়ে নলিনীৰ আবেদন নাকচ কৰাৰ লগতে কয় যে, ৰাজ্যপালৰ অনুমতি অনিবাৰ্য নহয়, ইয়াৰ বাবে কেবিনেটৰ পৰামৰ্শৰ প্ৰয়োজন ৷

ৰাজ্যিক কেবিনেটৰ পৰামৰ্শৰ ভিত্তিত 2018 চনৰ 9 ছেপ্তেম্বৰত তামিলনাডুৰ ৰাজ্যপালে নলিনীৰ মুক্তিৰ নিৰ্দেশ দিবলৈ ব্যৰ্থ হোৱাৰ পাচতে তেওঁ এই আবেদন জনাইছিল ৷

উল্লেখ্য যে, 1991 চনৰ 21 মে'ত আত্মঘাতী বোমাৰুয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাজীৱ গান্ধীক হত্যা কৰিছিল ৷ এই হত্যাকাণ্ডৰ অপৰাধীসকলক মৃত্যুদণ্ড প্ৰদান কৰা হৈছিল যদিও পাচত যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান কৰা হয় ৷ নলিনীৰ উপৰিও অন্য অপৰাধীসকল হৈছে তেওঁৰ স্বামী মুৰুগান, এ. জি. পেৰাৰিবালান, সান্থান, জয়কুমাৰ, ৰবীচন্দ্ৰন আৰু ৰবাৰ্ট পিয়াছ ৷

আৰু পঢ়ক : কৰ্ণাটক আৰু দিল্লীয়ে লাভ কৰিলে নতুন ৰাজ্যিক সভাপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.