নতুন দিল্লী, 18 এপ্ৰিলঃ তবলিগী জামাতৰ মুৰব্বী মৌলনা চাঁদ কান্ধালবিয়ে দিল্লী আৰক্ষীৰ অপৰাধ শাখালৈ এখন পত্ৰৰ জৰিয়তে,তেওঁ তদন্ত আৰু সহযোগিতাৰ বাবে আগ্ৰহী বুলি প্ৰকাশ কৰে । ইতিমধ্যে তেওঁ পূৰ্বে দিয়া দুখন জাননীৰ উত্তৰ দি তদন্তত চামিল হৈছে ।
শুকুৰবাৰে তদন্ত চলোৱা এজেন্সিলৈ এখন পত্ৰ লিখি তেওঁৰ বিৰুদ্ধে যদি কোনো নতুন ধাৰাত গোচৰ ৰুজু হয়,তেন্তে তেওঁক এফ আই আৰৰ কপি এটা প্ৰদান কৰিবলৈ আহ্বান জনায়। দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ এক প্ৰতিবেদন অনুসৰি, মৌলনাই পূৰ্বতে 1 আৰু 2 এপ্ৰিলত প্ৰদান কৰা দুখন জাননীৰ উত্তৰ দি তদন্তত যোগদান কৰিছে ।
দিল্লী আৰক্ষীয়ে তবলিগী জামাতৰ মুৰব্বীৰ বিৰুদ্ধে লক ডাউনৰ নিয়ম ভংগ কৰি অধিক লোকক একগোট কৰোৱাৰ অপৰাধত 31 মাৰ্চত গোচৰ ৰুজু কৰিছিল ।
আনহতে এনফৰ্চমেন্ট ডাইৰেক্টৰেটৰ পৰা ধনৰ লেনদেন সম্পৰ্কেও এক গোচৰ ৰুজু কৰিছিল মৌলনা চাঁদ কান্ধালবিৰ বিৰুদ্ধে ।
লগতে পঢ়কঃ জম্মু-কাশ্মীৰত অন্ত পৰিল এন্কাউন্টাৰ ; নিহত দুটা সন্ত্ৰাসবাদী ৷