ETV Bharat / bharat

হাথৰছ কাণ্ডঃ বিদেশৰ পৰা 100 কোটিৰ পুঁজি যোগানৰ তথ্য ! - ৱেবচাইটৰ প্ৰয়োগ

বিগত সময়ত হাথৰছ কাণ্ডত হিংসা বিয়পোৱাৰ বাবে এটা ৱেবচাইট প্ৰস্তুত কৰা হৈছিল ৷ ৱেবচাইটত হিংসা বিয়পোৱাৰ কৌশল,হিংসা বিয়পোৱাৰ সময়ত হিংসা বিয়পোৱা লোকসকলে কি কি কথাত গুৰুত্ব দিব লাগে,এই সকলো কথাৰ উল্লেখ কৰা হৈছিল বুলিও তথ্য পোহৰলৈ আহিছে ৷

hathras-over-rs-100-cr-funded-by-foreign-countries-to-stir-protests-says-ed
হাথৰছ কাণ্ডঃ বিদেশৰ পৰা 100 কোটিৰ পুঁজি যোগানৰ তথ্য !
author img

By

Published : Oct 7, 2020, 6:57 PM IST

নিউজ ডেস্ক, 7 অক্টোবৰ: হাথৰছৰ ঘটনা সন্দৰ্ভত আৰ্থিক লেনদেনৰ প্ৰমাণ পোৱা গৈছে ৷ প্ৰশাসনৰ সুত্ৰৰ পৰা জানিব পৰা মতে,বিদেশৰ পৰা হাথৰছ কাণ্ডত 50 কোটি টকাৰ পুঁজি যোগানৰ তথ্য পোৱা গৈছে ৷ এই পুঁজি এটা ৱেবচাইটৰ জৰিয়তে মৰিচাছৰ পৰা কৰা হৈছিল বুলি সুত্ৰই প্ৰকাশ কৰিছে ৷

সুত্ৰই জানিবলৈ দিয়া মতে,এই ধনৰাশি প্ৰায় 100 কোটিৰ হ‘ব,সদ্যহতে 50 কোটিৰ পুঁজি যোগান সন্দৰ্ভত তদন্তকাৰী সংস্থা সমূহে তথ্য সদৰি কৰিছে ৷

ইডিয়ে প্ৰথমে "justiceforhathrasvictime" নামৰ ৱেবচাইট বনাই হাথৰছৰ ঘটনাত পুঁজি সংগ্ৰহ কৰি থকা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে,বিগত সময়ত হাথৰছ কাণ্ডত হিংসা বিয়পোৱাৰ বাবে এটা ৱেবচাইট প্ৰস্তুত কৰা হৈছিল ৷ ৱেবচাইটত হিংসা বিয়পোৱাৰ কৌশল,হিংসা বিয়পোৱাৰ সময়ত হিংসা বিয়পোৱা লোকসকলে কি কি কথাত গুৰুত্ব দিব লাগে,এই সকলো কথাৰ উল্লেখ কৰা হৈছিল বুলিও তথ্য পোহৰলৈ আহিছে ৷ এই ৱেবচাইটৰ প্ৰয়োগ পুঁজিৰ লেনদেনৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হৈছিল বুলি পোহৰলৈ আহিছিল ৷ তাতে এতিয়া বিদেশৰ পৰা ডাঙৰ পৰিমাণৰ পুঁজিৰ যোগানৰ তথ্য পোহৰলৈ আহিছে ৷ ইডিয়ে ইতিমধ্যেই পুঁজিৰ যোগানৰ ক্ষেত্ৰত তথ্য সংগ্ৰহ কৰি আছে ৷ এতিয়া বিদেশৰ পৰা পুঁজি যোগানৰ প্ৰসংগত তদন্তকাৰী সংস্থাটোৱে গোচৰ ৰুজু কৰিব ৷

লগতে পঢ়ক: 8 মহীয়া পুত্ৰৰ দেহত অগ্নি সংযোগ কৰি মাতৃৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.