ETV Bharat / bharat

হাথৰছ কাণ্ডৰ চাৰি অভিযুক্তৰ বিৰুদ্ধে অপৰাধনামা দাখিল

দেশ কঁপোৱা হাথৰছ কাণ্ডক লৈ চাৰিজন অভিযুক্তৰ বিৰুদ্ধে অপৰাধনামা দাখিল চিবিআইৰ । ১৯ বছৰীয়া দলিত কিশোৰীক গণ ধৰ্ষণ কৰা চাৰি অভি়যুক্ত সম্প্ৰতি ন্যায়িক জিম্মাত ।

author img

By

Published : Dec 18, 2020, 8:00 PM IST

নেশ্যনেল ডেস্ক, ১৮ ডিচেম্বৰ: সমগ্ৰ দেশ কঁপাই যোৱা হাথৰছ কাণ্ডৰ চাৰিজন অভিযুক্তৰ বিৰুদ্ধে অপৰাধনামা দাখিল কৰিলে চিবিআইয়ে। ১৯ বছৰীয়া দলিত কিশোৰীক হত্যা আৰু গণ ধৰ্ষণ কৰাৰ অভিযোগত সন্দীপ, লৱকুশ, ৰবি আৰু ৰামুৰ বিৰুদ্ধে চিবিআইয়ে চাৰ্জশ্বীট দাখিল কৰাৰ কথা শুক্ৰবাৰে ভুক্তভোগীৰ অধিবক্তাই হাথৰছৰ স্থানীয় অদালতৰ বাহিৰত সংবাদ মাধ্যমক জনায়। গান্ধীনগৰৰ ফৰেনচিক বিজ্ঞান প্ৰয়োগশালাত কৰা কেবাটাও পৰীক্ষাত ধৰা পৰা ফৰেনচিক ৰিপৰ্ট অনুযায়ী সম্প্ৰতি চাৰি অভিযুক্তক ন্যায়িক জিম্মাত ৰখা হৈছে।

উল্লেখ কৰিবলগীয়া যে ১৪ ছেপ্তন্বৰত উত্তৰ প্ৰদেশৰ হাথৰছত চাৰি নৰপিশাচৰ কামনাৰ বলি হৈছিল ১৯ বছৰীয়া দলিত কিশোৰীগৰাকী । ঘটনা সংঘটিত হোৱা পিছত স্থানীয় একাংশই ভুক্তভুগী যুৱতীগৰাকীক দিল্লীৰ ছফৰদংগজ হাস্পতালত ভৰ্তি কৰিছিল যদিও অৱশেষত ২৯ ছেপ্তেম্বৰত মৃত্যুক আঁকোৱালি লয়। ৩০ ছেপ্তেম্বৰৰ নিশা যুৱতীগৰাকীৰ মৃতদেহ ঘৰৰ কাষত সৎকাৰ কৰিছিল উত্তৰপ্ৰদেশ আৰক্ষীয়ে। যুৱতীগৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগমতে, ভুক্তভোগী গৰাকীৰ অন্তিম সৎকাৰ কৰিবলৈ উত্তৰপ্ৰদেশ আৰক্ষীয়ে তেওঁলোকক বাধ্য কৰোৱাইছিল। কিন্তু লক্ষ্যণীয় বিষয় যে পৰিয়ালৰ লোকৰ ইচ্ছানুসৰিয়ে যুৱতীগৰাকীৰ অন্তিম সৎকাৰ কৰা হৈছিল বুলি উত্তৰপ্ৰদেশ আৰক্ষীয়ে জনাইছিল। এই ঘটনাৰ পাছত যোগী আদিত্যনাথ চৰকাৰ বিভিন্ন সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছিল। সমগ্ৰ ঘটনা সন্দৰ্ভত চিবিআইয়ে এটা দল গঠন কৰি পূৰ্বেই এই দলটোৱে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকৰ পৰা সাক্ষাৎকাৰ গ্ৰহণ কৰি গাজিয়াবাদলৈ স্থানান্তৰিত কৰিছিল।

লগতে পঢ়ক
: শুকুৰবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিমবংগলৈ অহিব গৃহমন্ত্ৰী অমিত শ্বা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.