ETV Bharat / bharat

বিয়লি পাঁচ বজালৈকে হাৰিয়ানা, মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ শেহতীয়া তথ্য

বিয়লি 5 বজালৈকে নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, মহাৰাষ্ট্ৰত বিজেপি দলে 40খন  খন আসন লাভ কৰাৰ উপৰিও 62খন আসনত অগ্ৰগতি লাভ কৰি আছে ৷ লগতে কংগ্ৰেছে 20 খন আসনত জয়ী হোৱাৰ বিপৰীতে 25 খন আসনত অগ্ৰগতি লাভ কৰি আছে ৷ একেদৰে এনচিপি দলে 22 খন আসনত বিজয় সাব্যস্ত কৰা লগতে 31 খন আসনত আগবাঢ়ি আছে ৷ শিৱসেনাই ইতিমধ্যে 31 খন আসন লাভ কৰিছে আৰু 26খনত আগবাঢ়ি আছে ৷  আনহাতে, হাৰিয়ানাত বিজেপি দলে 22 খন আসনত বিজয়ী হোৱাৰ উপৰিও 18খনত আগবাঢ়ি আছে আৰু কংগ্ৰেছে 18 খনত বিজয়ী হোৱাৰ লগতে 13খনত আগবাঢ়ি আছে  ৷

author img

By

Published : Oct 24, 2019, 10:04 AM IST

Updated : Oct 24, 2019, 5:24 PM IST

হাৰিয়ানা, মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন

নেশ্যনেল ডেস্ক, 24 অক্টোবৰ : বৃহস্পতিবাৰৰ পুৱাৰ পৰা আৰম্ভ হোৱা হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অন্ত পৰাৰ পাচতে নিৰ্ধাৰিত হ'ব দুয়োখন ৰাজ্যৰ 4,400 জন প্ৰাৰ্থীৰ ভাগ্য ৷ হাৰিয়ানাত 1,169 জন আৰু মহাৰাষ্ট্ৰত 3,237 জন প্ৰাৰ্থীৰ ভাগ্য বৰ্তমান বন্দী হৈ আছে ই ভি এমত ৷

ভোটগ্ৰহণৰ বাবে হাৰিয়ানাত সৰ্বমুঠ 19,578 টা ভোটদান কেন্দ্ৰ স্থাপন কৰা হৈছিল ৷ ৰাজ্যখনৰ 90 খন আসনৰ বাবে বহুসংখ্যক প্ৰতিদ্বন্দীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ আঞ্চলিক দল যেনে,ভাৰতীয় ৰাষ্ট্ৰীয় লোক দল আৰু জন্নায়ক জনতা দলৰ বাবে এই নিৰ্বাচনী যুঁজ বহু গুৰুত্বপূৰ্ণ হিচাপে পৰিলক্ষিত হৈছে ৷

ভোটগণনা প্ৰক্ৰিয়া
মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচন

আনহাতে,মহাৰাষ্ট্ৰত সৰ্বমুঠ 96,661 টা ভোটদান কেন্দ্ৰ স্থাপন কৰা হৈছিল ৷ ৰাজ্যখনৰ 288 টা বিধানসভা সমষ্টিত বিজেপিয়ে 150 টা আসনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ লগতে শিৱসেনাই 124 জন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ৷ বাকী আসনসমূহত অন্য মিত্ৰজোঁটৰ দলে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ কংগ্ৰেছ দলে এন চি পিৰ সৈতে মিত্ৰজোঁটত প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ হাৰিয়ানাত বিজেপিয়ে জয়ী হোৱাৰ লগতে মহাৰাষ্ট্ৰত শিৱসেনাই ক্ষমতালৈ পুনৰ উভতিলে ইতিহাস ৰচিবলৈ সক্ষম হ'ব ৷

উল্লেখ্য যে,নিৰ্বাচনী প্ৰচাৰৰ সময়ত এই দুয়োখন ৰাজ্যতে উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহমন্ত্ৰী আৰু বিজেপি প্ৰধান অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ উচ্চ পৰ্যায়ৰ ৰাজনৈতিক নেতা ৷ আনহাতে,এন চি পি প্ৰধান শাৰদ পাৱাৰে মহাৰাষ্ট্ৰত অধিক নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গ'ল ৷

এই নিৰ্বাচন কংগ্ৰেছ দলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে যিহেতু দলটোৱে ক্ৰমাগতভাৱে দুবাৰৰ বাবে লোকসভা নিৰ্বাচনত মুথ ঠেকেচা খাব লগা হৈছে ৷ আনহাতে,হাৰিয়ানা আৰু মহাৰাষ্ট্ৰত জয়ী হ'লে ক্ৰমে মনোহৰ লাল খট্টৰ আৰু দেবেন্দ্ৰ ফাড়নাবিছে মুখ্যমন্ত্ৰী হিচাপে পুনৰ গাদী দখল কৰিব ৷

ভোটগণনা প্ৰক্ৰিয়া
হাৰিয়ানা বিধানসভা নিৰ্বাচন

উল্লেখ্য যে, বিয়লি 5 বজালৈকে নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, মহাৰাষ্ট্ৰত বিজেপি দলে 40খন খন আসন লাভ কৰাৰ উপৰিও 62খন আসনত অগ্ৰগতি লাভ কৰি আছে ৷ লগতে কংগ্ৰেছে 20 খন আসনত জয়ী হোৱাৰ বিপৰীতে 25 খন আসনত অগ্ৰগতি লাভ কৰি আছে ৷ একেদৰে এনচিপি দলে 22 খন আসনত বিজয় সাব্যস্ত কৰা লগতে 31 খন আসনত আগবাঢ়ি আছে ৷ শিৱসেনাই ইতিমধ্যে 31 খন আসন লাভ কৰিছে আৰু 26খনত আগবাঢ়ি আছে ৷

আনহাতে, হাৰিয়ানাত বিজেপি দলে 22 খন আসনত বিজয়ী হোৱাৰ উপৰিও 18খনত আগবাঢ়ি আছে আৰু কংগ্ৰেছে 18 খনত বিজয়ী হোৱাৰ লগতে 13খনত আগবাঢ়ি আছে ৷

Intro:Body:Conclusion:
Last Updated : Oct 24, 2019, 5:24 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.