নিউজ ডেস্ক, ৩ মে': কেন্দ্ৰীয় খাদ্য সংশোধন মন্ত্ৰী হৰচিমৰত কৌৰ বাদলে বানুৰস্থিত জ্ঞান সাগৰ মেডিকেল কলেজৰ মেডিকেল ইন্টাৰ্ণসকলক যথোপযুক্ত বেতন প্ৰদান কৰিবলৈ আহ্বান জনাইছে । ইয়াৰ লগতে মেডিকেল ইন্টাৰ্ণসকলে সন্মুখীন হৈ অহা সমস্য়াসমূহ শীঘ্ৰেই সমাধান কৰিবলৈ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । বাদলে এই সন্দৰ্ভত এখন পত্ৰ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ লগতে পঞ্জাৱৰ স্বাস্থ্য়মন্ত্ৰীলৈ প্ৰেৰণ কৰে ।
![হৰচিমৰত কৌৰ বাদল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/national-hmpermitspilgrims-22042020-arsh_22042020151646_2204f_1587548806_793.jpg)
সমগ্ৰ বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশৰ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী তথা ৰাজহুৱা অভিযোগ খণ্ডৰ সচিবলৈ পৃথকে পৃথকে পত্ৰ লিখি এই বিষয়ে অৱগত কৰায় । বহুটো মেডিকেল ইন্টাৰ্ণে তেওঁলোকে চৰকাৰী মেডিকেল কলেজত ইন্টাৰ্ণ হিচাপে কাম কৰি থাকি সন্মুখীন হোৱা আৰ্থিক সমস্যাৰ বিষয়ে অভিযোগ উত্থাপন কৰে, যিটো মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াৰ নিয়ম বৰ্হিভূত ।
![ডাঃ হৰ্ষবৰ্ধনলৈ লিখা পত্ৰখন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/national-harsimratbadalletter-02052020-arsh_02052020190455_0205f_1588426495_507.jpg)
বানুৰস্থিত জ্ঞান সাগৰ মেডিকেল কলেজৰ ইন্টাৰ্ণসকলৰ অভিযোগৰ পিচতে এইদৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পত্ৰ লিখি সমগ্ৰ বিষয়টো কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীক অৱগত কৰায় । এইসকল ইন্টাৰ্ণে চৰকাৰক কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিছে যেতিয়া তেওঁলোকৰ সমস্যাসমূহ শীঘ্ৰেই সমাধান কৰিব লাগে বুলি উল্লেখ কৰে হৰচিমৰত কৌৰ বাদলে ।
![কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ সৈতে হৰচিমৰত কৌৰ বাদল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/national-harsimratbadalletter-02052020-arsh_02052020190455_0205f_1588426495_505.jpg)
হৰচিমৰত কৌৰ বাদলে উল্লেখ কৰা অনুসৰি, পঞ্জাৱৰ অমৃতসৰ মেডিকেল কলেজৰ ইন্টাৰ্ণসকলে ৯,০০০ৰ পৰা ১৫,০০০ৰ বেতন লাভ কৰে । একেদৰেই জ্ঞান সাগৰ মেডিকেল কলেজৰ ইন্টাৰ্ণসকলকো সমান পৰিমানে বেতন প্ৰদান কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়কঃ গাড়ীচালকৰ নাটনি : পৰিৱহণ কৰ্মচাৰীলৈ সাহাৰ্য প্ৰদানৰ আহ্বান