নিউজ ডেস্ক, ২ মে' : কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধন আৰু কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্য়মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে বিহাৰৰ স্বাস্থ্যমন্ত্ৰী মংগল পাণ্ডেৰ সৈতে আলোচনাত মিলিত হয় । বিগত বৰ্ষত বিহাৰত এনকেফেলাইটিচ ৰোগত আক্ৰান্ত হৈ শতাধিক শিশু মৃত্যুমুখত পৰিছিল । শেহতীয়াকৈ কোভিড-১৯ৰ সংকট দেশত অব্যাহত আছে । এনে অৱস্থাত বিহাৰৰ স্বাস্থ্যজনিত দিশটোৰ ওপৰত আলোকপাত কৰাৰ উদ্দেশ্যে আলোচনাত মিলিত হয় তিনিওগৰাকী মন্ত্ৰী ।
বিগত বৰ্ষৰ ১ জুনৰ পৰা ২০ ছেপ্টেম্বৰলৈ বিহাৰৰ মুজাফৰপুৰৰ লগতে ইয়াৰ কাষৰীয়া জিলাসমূহত এনকেফেলাইটিচ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল ১৬৬ গৰাকী শিশু । সমগ্ৰ ৰাজ্যখনত এনকেফেলাইটিচৰ ৬৪৭ টা ঘটনা পোহৰলৈ আহিছিল আৰু ইয়াৰ কাৰণ চিনাক্ত কৰাত চূড়ান্ত ব্যৰ্থ হৈছিল বিহাৰ চৰকাৰ । কিন্তু এনে অৱস্থাত পুনৰ ৰাজ্যখনত দেখা দিছে এনকেফেলাইটিচ ৰোগে । পুনৰ আগৰদৰেই মুজাফৰপুৰ জিলাতে ইয়াৰ অৱস্থিতি দেখা পোৱা গৈছে । ইতিমধ্যে দেশক কোভিড-১৯ জুৰুলা কৰি পেলোৱাৰ সময়তে মুজাফৰপুৰত এনকেফেলাইটিচ ৰোগত মৃত্যু ঘটিছে দুই যমজ ভগ্নীৰ ।
এই ঘটনাৰ পিচতেই সমগ্ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জৰুৰীকালীন আলোচনাত মিলিত হয় কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধন । বিহাৰৰ স্বাস্থ্য়মন্ত্ৰী মংগল পাণ্ডে তথা কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী অশ্বিনী কুমাৰ চৌবেক লগত লৈ সমগ্ৰ বিষয়টো সন্দৰ্ভত আলোকপাত কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
আনহাতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, শুকুৰবাৰলৈ দেশত ৩৫,৩৬৫ গৰাকী লোক কোভিড-১৯ আক্ৰান্ত হৈছে । বিগত ২৪ ঘন্টাত দেশত ১,৭৫৫ গৰাকী লোক নতুনকৈ এই মহামাৰীত আক্ৰান্ত হোৱাৰ লগতে ৭৭ গৰাকী লোকৰ মৃত্যু হৈছে । দেশৰ সৰ্বমুঠ ২৫,১৪৮টা ঘটনা সক্ৰিয় হৈ থকাৰ লগতে ৯,০৬৪গৰাকী লোকে আৰোগ্য লাভ কৰাৰ লগতে ১,১৫২গৰাকী লোক মৃত্যুমুখত পৰিছে ।
লগতে পঢ়কঃ কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ কৰ'ণা সজাগতামূলক কাৰ্টুনৰাজি