ETV Bharat / bharat

স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে মুকলি কৰিলে দেশৰ প্ৰথমটো কোভিড -১৯ ভ্ৰাম্যমাণ গৱেষণাগাৰ - কেন্দ্ৰীয় চৰকাৰ

কোভিড -১৯ পৰীক্ষাৰ বাবে মুকলি কৰা ভ্ৰাম্যমাণ গৱেষণাগাৰটোত প্ৰতিদিনে ২৫ টা 'RT-PCR' পৰীক্ষা, ৩০০ 'ELISA' পৰীক্ষা, 'TB'ৰ অতিৰিক্ত পৰীক্ষা আৰু 'HIV'ৰ পৰীক্ষা কৰাৰ সুবিধা আছে বুলি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে উল্লেখ কৰে।

Harsh Vardhan
Harsh Vardhan launches India's first mobile laboratory for COVID-19 testing
author img

By

Published : Jun 18, 2020, 6:15 PM IST

নিউজ ডেস্ক, ১৮ জুনঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে বৃহস্পতিবাৰে মুকলি কৰিলে দেশৰ প্ৰথমটো কোভিড -১৯ ভ্ৰাম্যমাণ গৱেষণাগাৰ। দেশৰ গ্ৰাম্য আৰু দুৰ্গম অঞ্চলৰ লোকৰ সহায়ৰ বাবে মুকলি কৰা হয় এই ভ্ৰাম্যমাণ গৱেষণাগাৰটো।

Harsh Vardhan launches India's first mobile laboratory for COVID-19 testing
স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে মুকলি কৰিলে দেশৰ প্ৰথমটো কোভিড -১৯ ভ্ৰাম্যমান গৱেষণাগাৰ

দেশৰ পিচ পৰা অঞ্চলৰ লোকক সুনিশ্চিতি প্ৰদানৰ বাবে স্বাস্থ্য বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধিনত কেন্দ্ৰীয় চৰকাৰৰ তথ্য-প্ৰযুক্তি মন্ত্ৰণালয় আৰু অন্ধ্ৰপ্ৰদেশৰ 'মেড-টেক জ'ন'ৰ যুটীয়া প্ৰচেষ্টাত এই ভ্ৰাম্যমান গৱেষণাগাৰটো নিৰ্মাণ কৰি উলিওৱা হয়। গৱেষণাগাৰটো মুকলিৰ লগে লগে জৰুৰীকালীন স্বাস্থ্যসেৱা প্ৰযুক্তিবিদ্যা খণ্ডত দেশ এখোজ আগুৱাই গৈছে বুলি স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে উল্লেখ কৰে।

এই ভ্ৰাম্যমাণ গৱেষণাগাৰটোত প্ৰতিদিনে ২৫ টা 'RT-PCR' পৰীক্ষা, ৩০০ 'ELISA' পৰীক্ষা, 'TB'ৰ অতিৰিক্ত পৰীক্ষা আৰু 'HIV'ৰ পৰীক্ষা কৰাৰ সুবিধা আছে ।

উল্লেখ্য যে, ফেব্ৰুৱাৰী মাহত কোভিড-১৯ৰ আৰম্ভণিৰ সময়ত দেশে কেৱল এটা গৱেষণাগাৰেৰে এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিছিল। সম্প্ৰতি দেশত কোভিড-১৯ পৰীক্ষাৰ বাবে ৬৯৯ টা চৰকাৰী গৱেষণাগাৰসহ মুঠ ৯৫৩ টা গৱেষণাগাৰ আছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.