ETV Bharat / bharat

লেহত মোতায়ন হ'ব এইচ এ এলৰ লাইট কম্বেট হেলিকপ্টাৰ

author img

By

Published : Aug 12, 2020, 11:25 PM IST

দেশৰ সীমান্তৰ অঞ্চল সমূহত হৈ থকা জৰুৰী কালীন পৰিস্থিতিৰ বাবে লেহত ভাৰতীয় বায়ু সেনাক সহায়ৰ উদ্দেশ্যে হিন্দুস্তান এৰ'নেটিক্স লিমিটেডৰ দ্বাৰা দুখন লাইট কম্বেট হেলিকপ্টাৰ নিৰ্মাণ কৰি উলিয়াইছে । এক প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে এই কথা সদৰি কৰিল IAFয়ে ।

HAL's indigenous Light Combat Helicopters deployed for operations at Leh
লেহত মোতায়ন হ'ব এইচ এ এলৰ লাইট কম্বেট হেলিকপ্তাৰ

নিউজ ডেস্ক,১২ আগষ্ট: সীমান্তৰ বৰ্তমান জৰুৰী কালীন পৰিস্থিতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি হিন্দুস্তান এৰ'নেটিক্স লিমিটেড(HAL)য়ে প্ৰস্তুত কৰি উলিয়াইছে দুখন লাইট কম্বেট হেলিকপ্টাৰ যি লেহ অঞ্চলত অধিক উচ্চতাৰ পৰা কৰা অভিযানত ব্যৱহাৰ কৰিব পৰা যাব ।

বায়ু সেনাৰ উপ মুখ্য প্ৰধান এয়াৰ মাৰ্চেল হৰজিৎ সিং আৰু HAL এয়াৰ ক্ৰাফ্টৰ পাইলট ৱিঙৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া সুভাষ পি জ'নে হেলিকপ্টাৰ দুখনৰ অধিকত্বম উচ্চতাৰ পৰা লক্ষ্যত আঘাট কৰিব পাৰিনে নোৱাৰি সেয়া জানিবৰ বাবে অলপতে এটা প্ৰয়োগাত্মক পৰীক্ষা চলাইছিল ।

পৰীক্ষাৰ সময়ত স্থানীয় পিচলযুক্ত এখন হেলিপেডত হেলিকপ্টাৰখন অৱতৰন কৰাই তাৰ স্থিতি লক্ষ্য কৰা হৈছিল । ইয়াৰ পিছতে অধিক তাপমাত্ৰাৰ এটা অঞ্চলত ৰাখি লাইট কম্বেট হেলিকপ্টাৰখনৰ ক্ষমতাও লক্ষ্য কৰা হৈছিল ।

তাৰোপৰি LCHখনৰ অন্যান্য বিশেষ গুনাগুণ সমূহৰ এৰিয়া অৱ ৰেচপনচিবিলিটি(AOR)বোৰো সুক্ষ্মভাৱে লক্ষ্য কৰা হৈছিল । এই LCHখনত যিকোনো পৰিস্থিতিত পৰ্যাপ্ত পৰিমানৰ অস্ত্ৰ শস্ত্ৰ বহন কৰিব পৰা ক্ষমতাও মন কৰিব লগীয়া । এনে এখন LCH অধিক উষ্ণতা আৰু অধিকত্বম উচ্চতাত ৰাখি শত্ৰুৰ যিকোনো গতিবিধি নিৰিক্ষণ কৰিবৰ বাবে উচিত বুলি কলে দুই শীৰ্ষ বিষয়াই ।

HALৰ দ্বাৰা ডিজাইন আৰু নিৰ্মাণ কৰি উলিওৱা এই LCHয়ে ভাৰতীয় সেনা বাহিনীৰ প্ৰয়োজনীয়তাক পূৰণ কৰি আক্ৰমণত ব্যৱহাৰ কৰিব পৰা এখন অতিকে পাতল হেলিকপ্টাৰ বুলি ক'লে HALৰ মুখ্য সঞ্চালক আৰ মাধৱনে ।

উল্লেখ্য যে ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ু সেনাক প্ৰয়োজন প্ৰায় ১৬০খন LCHৰ । ইতিমধ্যে দেশৰ ৰক্ষা অধিগ্ৰহণ পৰিষদে (DAC) প্ৰথম পৰ্যায়ত ৫খন LCH নিৰ্মাণৰ প্ৰস্তাৱক সমৰ্থন কৰিছিল । তাৰোপৰি ভাৰতীয় বায়ু সেনাই ১৫খন লিমিটেড চিৰিজ প্ৰডাক্সন(LSP)ৰ বাবে প্ৰস্তাৱ দিছিল আৰু HALয়ে এই প্ৰস্তাৱক লৈ ইতিমধ্যে সহাঁৰি দিয়া পৰিলক্ষিত হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.