ETV Bharat / bharat

হজ 2020 : তীৰ্থযাত্ৰীক দিয়া হ'ব 100 শতাংশ ৰিফাণ্ড ! - জম্মু-কাশ্মীৰ হজ কমিটি

কৰ'ণা ভাইৰাছৰ ফলত 2020 বৰ্ষৰ হজ যাত্ৰা প্ৰত্যাহাৰ কৰা লোকৰ বাবে জম্মু-কাশ্মীৰ হজ কমিটিৰ বিশেষ আহ্বান । হজ যাত্ৰাৰ মাননী ঘূৰাই পাবলৈ বা ৰিফাণ্ডৰ বাবে তীৰ্থযাত্ৰীক আবেদন কৰাৰ আহ্বান হজ কমিটিৰ ।

Haj 2020: J-K Haj Committee asks pilgrims to apply for refund

author img

By

Published : Jun 8, 2020, 2:05 PM IST

নিউজ ডেস্ক, 8 জুনঃ 2020 বৰ্ষৰ হজ যাত্ৰাৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰা হজ তীৰ্থযাত্ৰীক হজ যাত্ৰাৰ মাননী ঘূৰাই পাবলৈ আবেদন কৰাৰ আহ্বান জম্মু-কাশ্মীৰ হজ কমিটিৰ কাৰ্যবাহী বিষয়াৰ । হজ্ হাউচ, বেমিনাত প্ৰ'ফৰ্মা পূৰণ কৰি আৰু হজ কমিটি অফ ইণ্ডিয়াৰ ৱেবচাইটত গৈও আবেদনকাৰীয়ে নিজৰ ৰিফাণ্ডৰ আবেদন দাখিল কৰিব পাৰিব বুলি কমিটিৰ ফালৰ পৰা উল্লেখ কৰা হৈছে ।

যোৱা 5 জুনত হজ কমিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা এক জাননী জাৰি কৰি যি সকল নিৰ্বাচিত বঞ্চিত তীৰ্থযাত্ৰীয়ে 2020 বৰ্ষৰ হজ যাত্ৰা বাতিলৰ সিদ্ধান্ত গ্ৰহণৰ ইচ্ছা প্ৰকাশ কৰিছে তেওঁলোকক হজ কমিটি অফ ইণ্ডিয়াৰ ৱেবচাইট আৰু হজ হাউচত উপলব্ধ নিৰ্ধাৰিত প্ৰ'ফৰ্মা পূৰণ কৰি 100 শতাংশ ৰিফাণ্ডৰ আবেদন দাখিল কৰাৰ আহ্বান জনাইছে । বেমিনাৰ বিষয়ববীয়াই জানিবলৈ দিয়ে এই কথা ।

হজ যাত্ৰাৰ প্ৰস্তুতিৰ বাবে ভাৰতৰ হাতত বৰ্তমান কেই সপ্তাহমান সময়হে বাকী আছে । অৱশ্যে 2020 বৰ্ষৰ হজ যাত্ৰাক লৈ চৌদি অধিকাৰীয়ে এই বিষয়ত কোনো যোগাযোগ স্থাপন কৰা নাই বুলি সংখ্যালঘু মন্ত্ৰণালয়ৰ পৰা জাৰি কৰা জাননী পত্ৰত উল্লেখ কৰা হৈছে । যাৰ ফলত হজ কমিটি অফ ইণ্ডিয়াৰ পৰা এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

লগতে বিবৃতিত উল্লেখ কৰা হৈছে যে, একাউণ্টধাৰীৰ সবিশেষ সম্বলিত পাছবুকৰ এটি ফটো কপি বা একাউণ্টাধাৰীৰ বাতিল কৰা চেক্ ৰ এটি কপি নিৰ্ধাৰিত ৰিফাণ্ডৰ আবেদনকাৰীৰ প্ৰ'ফৰ্মাৰ সৈতে সংযুক্ত কৰা হ'ব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.