ETV Bharat / bharat

গুজৰাট: কচ্ছত প্ৰব্ৰজনকাৰী শ্ৰমিকৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ লগতে শিলাবৰ্ষণ - গুজৰাটৰ কচ্ছত অভাৱনীয় পৰিস্থিতি

গুজৰাটৰ কচ্ছত বুধবাৰে উদ্ভৱ হৈছিল এক অভাৱনীয় পৰিস্থিতিৰ । লক্ ডাউনত আৱদ্ধ হৈ থকা শতাধিক প্ৰব্ৰজনকাৰী শ্ৰমিকে ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰাৰ লগতে কৰিছিল শিলাবৰ্ষণ ।

Gujarat: Migrants block highway in Kutch, pelt stones

author img

By

Published : May 14, 2020, 12:06 PM IST

Updated : May 14, 2020, 12:44 PM IST

গুজৰাট, ১৪ মে': দেশত বৰ্তমানো অব্যাহত আছে কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপৰ লগতে তৃতীয় পৰ্যায়ৰ লক্ ডাউন । লক্ ডাউনৰ ফলতেই বহু লোক এতিয়াও আৱদ্ধ হৈ আছে বিভিন্ন ৰাজ্যত । ইয়াৰ মাজতেই বুধবাৰে গুজৰাটৰ কচ্ছত সৃষ্টি হৈছিল এক অভাৱনীয় পৰিস্থিতিৰ ।

কচ্ছত আৱদ্ধ হৈ থকা শতাধিক প্ৰব্ৰজনকাৰী শ্ৰমিক সকলে বুধবাৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ চেষ্টা চলোৱাৰ লগতে ঘাইপথৰ মাজৰে চলাচল কৰা বাহনৰ ওপৰত কৰিছিল শিলাবৰ্ষণ । আৱদ্ধ হৈ থকা প্ৰব্ৰজনকাৰী শ্ৰমিক সকলৰ অভিযোগ, সকলো প্ৰয়োজনীয় পঞ্জীয়ন কাৰ্য সমাপন কৰাৰ পাচতো প্ৰশাসনৰ ফালৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ সহায় লাভ কৰিবলৈ সক্ষম হোৱা নাই । যাৰ বাবে গান্ধীধাম-কাণ্ডলা ৰাষ্ট্ৰীয় ঘাইপথৰে যোৱা বাহন সমূহক ৰখাবলৈ শিলাবৰ্ষণ কৰিবলৈ বাধ্য হৈ পৰে । এই কাৰ্যত এখন ট্ৰাক ক্ষতিগ্ৰস্থ হৈছিল ।

এই ঘটনাৰ ভাইৰেল হৈ পৰা এটা ভিডিঅ'ত ভীৰৰ মাজৰ পৰা আৰক্ষী কৰ্মী সকলক পলায়ন কৰাৰ লগতে কচ্ছ-পূৱ আৰক্ষীৰ আৰক্ষী অধীক্ষক পৰীক্ষিতা ৰাঠোৰে আৰক্ষী বাহনত থকা লাউড স্পীকাৰৰ জৰিয়তে শ্ৰমিক সকলক শান্তি বজাই ৰাখিবলৈ আহ্বান কৰি থকা দেখা পোৱা গৈছিল ।

কচ্ছ-পূৱ আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ পৰা কোৱা হৈছিল, হতাশাত ভুগি এই সকল প্ৰব্ৰজনকাৰী শ্ৰমিকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে শিলাবৰ্ষণ সংঘটিত কৰে । য'ত এখন ট্ৰাকৰ উইণ্ড'স্ক্ৰীণ ক্ষতিগ্ৰস্থ হয় । পিচত পৰিস্থিতি নিয়ন্ত্ৰণত অনা হৈ বুলি জানিবলৈ দিছিল গান্ধীধাম-বি শাখাৰ আৰক্ষী বিষয়া এছএছ দেশায়ে । অৱশ্যে পুনৰ গুজৰাটৰ অন্য প্ৰান্তত অনুৰূপ ঘটনা দেখিবলৈ পোৱা খবৰ আহি পৰিছে ।

Last Updated : May 14, 2020, 12:44 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.