ETV Bharat / bharat

৩ দিনৰ বাবে বন্ধ থাকিব গুজৰাট উচ্চ ন্য়ায়ালয় - কোভিড-১৯ পজিটিভ

সাতগৰাকী কৰ্মচাৰীৰ কোভিড-১৯ পজিটিভ পোৱাৰ পাছতেই তিনি দিনৰ বাবে বন্ধ ঘোষণা কৰা হয় গুজৰাট উচ্চ ন্য়ায়ালয় । সম্প্ৰতি ন্যায়ালয়ৰ লগতে চৌপাশত ছেনিটাইজিঙৰ ব্যৱস্থা অব্যাহত ৰাখিছে আহমেদাবাদ পৌৰ নিগমে।

গুজৰাট উচ্চ ন্য়ায়ালয়
Gujarat HC to remain closed for 3 days after 7 persons test positive for COVID-19
author img

By

Published : Jul 8, 2020, 3:08 PM IST

নিউজ ডেস্ক, ৮ জুলাইঃ বুধবাৰৰ পৰা ১০ জুলাইলৈকে বন্ধ থাকিব গুজৰাট উচ্চ ন্যায়ালয় । উচ্চ ন্যায়ালয়ৰ সাতগৰাকী কৰ্মচাৰীৰ কোভিড-১৯ পজিটিভ পোৱাৰ পাছতেই বন্ধ ঘোষণা কৰা হয় । ইয়াৰ পাছতে আজিৰে পৰা ন্যায়ালয়ত ছেনিটাইজেশ্বনৰ কাম আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে।

গুজৰাট উচ্চ ন্যায়ালয়ে এখন জাননীৰ জড়িয়তে এই কথা প্ৰকাশ কৰে । লগতে, আহমেদাবাদ পৌৰ নিগমে ন্যায়ালয়ৰ চৌপাশ, প্ৰেক্ষাগৃহ, শৌচালয়, ৰেকৰ্ড কোঠা, কাৰ্যালয় আদি সকলে চাফা তথা ছেনিটাইজিঙৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰে।

স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশৰ ভিতৰত কোভিড-১৯ আক্ৰান্ত ৰাজ্যসমূহৰ তালিকাত গুজৰাট চতুৰ্থ স্থানত আছে । এইপৰ্যন্ত ৰাজ্যখনত মুঠ ৩৭,৬৩৬ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে । ইয়াৰে ৮,৯১৪ গৰাকী চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ২৬,৭৪৪ গৰাকী ৰোগীয়ে । আনহাতে, এই মহামাৰীৰ ফলত ১৯,৭৮ গৰাকী লোকৰ মৃত্য হৈছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.