ETV Bharat / bharat

এখন শক্তিশালী ভাৰতৰ ভব্য প্ৰতীক

author img

By

Published : Jan 9, 2021, 9:17 AM IST

মোদী চৰকাৰে 75 সংখ্যক ভাৰতীয় স্বাধীনতা দিৱসলৈ নতুন সংসদ ভৱন নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । বিগত বৰ্ষৰ 10 ডিচেম্বৰত নতুন সংসদ ভৱন নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে ৷

Grand symbol of a strong India
শক্তিশালী ভাৰতৰ ভব্য প্ৰতীক

নেশ্যনেল ডেস্ক,9 জানুৱাৰী : ভাৰতীয় সংসদ হৈছে এক আইনী মঞ্চ, যি বিশ্বৰ জনসংখ্যাৰ 17.7 শতাংশৰ ভাগ্যৰ সৈতে সম্বন্ধিত । 1927 চনত ব্ৰিটিছ যুগত নিৰ্মাণ কৰা সংসদ ভৱনটো বিগত 9 দশকৰ পৰা অজস্ৰ ঐতিহাসিক ঘটনাৰ সাক্ষী হৈ ৰৈছে । ই গণতন্ত্ৰৰ এক ঐতিহ্য গাঁঠনি হিচাপে থিয় দিছে ।

গঠনৰ পৱিত্ৰতা সংৰক্ষণ কৰোতে, মোদী চৰকাৰে 75 সংখ্যক ভাৰতীয় স্বাধীনতা দিৱসলৈ নতুন সংসদ ভৱন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । নতুন সংসদ ভৱন সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰলৈ আবেদন কৰোতে, সংসদৰ দুয়োটা গৃহৰ প্ৰিজাইডিং বিষয়াসকলে কৈছিল যে, 1975, 2002 আৰু 2017 চনত বৰ্তমানৰ ভৱনৰ আৰ্হি প্ৰস্তুত কৰা হৈছিল যদিও অধিৱেশন পৰিচালনাৰ বাবে বৰ্তমানৰ প্ৰযুক্তি পৰ্যাপ্ত নহয় ।

ইফালে ক’ভিড-19 সংক্ৰমণৰ মাজতে অনুষ্ঠিত হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হ’বলগীয়া গৈছিল ৷ অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে যে ঠাইৰ অভাৱ হৈছিল, সেয়া সমগ্ৰ দেশে জ্ঞাত আছিল ৷

ইয়াৰ পৰিপ্ৰেক্ষিততে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত বৰ্ষৰ 10 ডিচেম্বৰত নতুন সংসদ ভৱন নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে । এই বিষয়ত প্ৰথমে উচ্চতম ন্যায়ালয়ে চৰকাৰক চূড়ান্ত ৰায়ৰ ভিত্তিতহে প্ৰকল্পটো কাৰ্যকৰী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ দেশবাসীৰ বাবে এয়া গৌৰৱৰ বিষয় যে, পৰৱৰ্তী 100 বছৰৰ প্ৰয়োজনীয়তা পূৰ কৰাৰ বাবে প্ৰস্তুত কৰা এক মহাগাঁঠনি নিৰ্মাণ আগন্তুক বছৰৰ ভিতৰত প্ৰাপ্ত হ’ব ।

বিভিন্ন ধৰ্মক সংলগ্ন কৰি নতুন সংসদ ভৱনটোৰ আৰ্হি ত্ৰিকোণীয়া আকৃতিত প্ৰস্তুত কৰা হৈছে । লোকসভা, ৰাজ্যসভা আৰু সংবিধান হলত ৰাষ্ট্ৰীয় চিহ্ন ময়ূৰ পক্ষী, পদুম ফুল আৰু কলগছ প্ৰতিফলিত হ'ব । ই হৈছে শ্ৰেষ্ঠ ভাৰতৰ উদ্দেশ্য প্ৰাপ্তিৰ বাবে এক মাইলৰ খুঁটি ।

ভাৰত ৰত্ন প্ৰণৱ মুখাৰ্জীয়ে পৰামৰ্শ দিছিল যে, 130 কোটি জনসংখ্যা থকা দেশ হোৱাৰ বাবে ভাৰতত কমেও 1000 জন সংসদীয় সদস্য থাকিব লাগে । যিহেতু 2026 চনৰ ভিতৰত সাংসদৰ সংখ্যা নিৰ্ধাৰণ কৰা হৈছে, গতিকে কেন্দ্ৰই 888 জন সদস্যৰ বাবে আসনৰ ক্ষমতা থকা এখন লোকসভাৰ পৰিকল্পনা কৰিছে । ৰাজ্যসভাত 384 জন সদস্যৰ বাবে আসনৰ ক্ষমতা ৰখাৰ পৰিকল্পনা কৰা হৈছে ।

ৰাষ্ট্ৰপতি ভৱন, সংসদ, কাৰ্যালয় আৰু উপ-সভাপতি, প্ৰধান মন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়, উচ্চ আদালত আৰু নিম্ন আদালত, এমপি মহৰ, কাৰ্যালয় আৰু তিনিটা সশস্ত্ৰ বাহিনীৰ চৰকাৰী বাসস্থান আৰু আন কেইবাটাও গৃহৰ দৰে গুৰুত্বপূৰ্ণ গাঁথনি একেখন জিলাতে 26 বৰ্গ কিলোমিটাৰ দূৰত্বত অৱস্থিত । ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ বাবে নিৰ্মাণ কৰি ল’ব পৰা গাঁথনিবোৰে দেশৰ দ্ৰুত আৰু উদাৰ প্ৰগতিক অনুপ্ৰেৰিত কৰিব ৷

লগতে পঢ়ক : ভাৰতক গৌৰাম্বিত কৰি তোলা কোন এই দহ গৰাকী প্ৰৱাসী ভাৰতীয় !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.