ETV Bharat / bharat

চৰকাৰৰ তিনি বিধেয়ক কৃষকৰ বাবে 'বিপৰ্যয়': কংগ্ৰেছ

author img

By

Published : Sep 18, 2020, 7:47 AM IST

কংগ্ৰেছ আৰু অন্য বিৰোধী দলে মোডী চৰকাৰক সমালোচনা কৰি অভিযোগ কৰে যে, কেন্দ্ৰ চৰকাৰে সেউজ বিপ্লৱৰ উদ্দেশ্যক মষিমূৰ কৰাৰ প্ৰয়াস কৰিছে ৷

চৰকাৰৰ তিনি বিধেয়ক কৃষকৰ বাবে 'বিপৰ্যয়': কংগ্ৰেছ
চৰকাৰৰ তিনি বিধেয়ক কৃষকৰ বাবে 'বিপৰ্যয়': কংগ্ৰেছ

নেশ্যনেল ডেস্ক, 18 ছেপ্তেম্বৰ: বৃহস্পতিবাৰে কংগ্ৰেছ দলে কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে কৃষি আধ্যাদেশ অনা বুলি অভিযোগ উত্থাপন কৰি ই সেউজ বিপ্লৱৰ উদ্দেশ্যক মষিমূৰ কৰাৰ প্ৰয়াস বুলি উল্লেখ কৰে ৷ শাসনাধীন বিজেপিয়ে COVID-19 মহামাৰীৰ মাজতে এনেবোৰ বিধেয়ক আনি "কৃষকৰ বিপৰ্যয়"ক "পুঁজিপতিৰ সুযোগলৈ" ৰূপান্তৰ কৰিব বিচাৰিছে বুলিও উল্লেখ কৰে ৷

ইয়াৰোপৰি তেওঁলোকে কয় যে, চৰকাৰ খনে কেনেদৰে তেওঁলোকৰ পুঁজিপতি বন্ধু সকলৰ সুবিধাৰ্থে কৃষকসকলৰ ভূমি দখল কৰিব পাৰে তাৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি আছে ৷ চৰকাৰখনে ইয়াক এক আশীৰ্বাদ বুলি কয়, যদি সেইটোৱেই হয় তেন্তে কৃষক আজি পথত কিয় ? কিয় আৰক্ষীয়ে তেওঁলোকক মাৰধৰ কৰিছে ? সংবাদ মাধ্যমক উদ্দেশ্যি এইদৰে প্ৰশ্ন কৰে গৌৰৱ গগৈয়ে ৷

গৌৰৱ গগৈ

অন্যান্য বিৰোধী দলেও কৃষকৰ উৎপাদন বেপাৰ আৰু বাণিজ্য বিধেয়ক, 2020 ৰ লগতে, মূল্যনিৰ্ধাৰণ আৰু কৃষি পৰিসেৱা বিধেয়ক 2020 ত থকা কৃষকৰ চুক্তিৰো বিৰোধিতা কৰে, যি কেন্দ্ৰই পূৰ্বৰ বিধেয়ক সলনি কৰিবৰ বাবে জুন মাহত প্ৰবৰ্তন কৰিছিল ৷

কংগ্ৰেছৰ সাংসদ জশবীৰ সিং গিল, ৰভনীত সিং বিট্টু, গুড়জিৎ সিং ঔজলা আৰু অমৰ সিঙে বিধেয়ক সমূহৰ প্ৰতিলিপি সমূহ জ্বলাই কয় যে, প্ৰস্তাবিত আইনে দাঁত আৰু নখৰ বিৰুদ্ধে যুঁজ কৰিব ৷

ৰভনীত সিং বিট্টুৱে বিজেপিৰ সহযোগী শিৰোমণি আকালী দল সম্পৰ্কেও উল্লেখ কৰে, যিসকলে তেওঁলোকৰ ৰাজ্যসভা সদস্যৰ এটা হুইপ জাৰি কৰিছিল আৰু তেওঁলোকক কেন্দ্ৰৰ তিনিওখন বিধেয়কৰ বিৰোধিতা কৰিবৰ বাবে অনুৰোধ জনাইছিল ৷

ৰভনীত সিং বিট্টু

কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ ৰণদীপ সিং সুৰজেৱালাইয়ো কয়, "সেউজ বিপ্লৱক মষিমূৰ কৰিবলৈ মোডী চৰকাৰৰ ই এক ষড়যন্ত্ৰ ৷"

ইয়াৰোপৰি গৌৰৱ গগৈয়ে ৰাজ্যক জিএছটিৰ ক্ষতিপুৰণ নিদিয়া বিষয়টোও উত্থাপন কৰে ৷ তেওঁ কয়, "চৰকাৰে ৰাজ্যক জিএছটিৰ ক্ষতিপুৰণ দিয়া নাই ৷ চৰকাৰে এতিয়া সকলো ৰাজ্যৰে ৰাজহ অবৰুব্ধ কৰাৰ চেষ্টা কৰি আছে ৷ যদি ই অব্যাহত থাকে তেন্তে তেওঁলোকে COVID পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব ? মোডী চৰকাৰে ৰাজ্য আৰু কৃষকসকলৰ অৰ্থব্যৱস্থাক ভাগি আছে ৷ যাতে পুঁজিপতি সকলে বিজেপিক সমাগত নিৰ্বাচনৰ বাবে টকা দিব পাৰে ৷"

আনহাতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও এক টুইটযোগ চৰকাৰক সমালোচনা কৰি কয়, "মোডীজীয়ে কৃষক সকলৰ আয় দুগুন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু মোডী চৰকাৰৰ 'ক'লা আইন' কৃষক-শ্ৰমিকসকলক আৰ্থিকভাৱে শোষণ কৰিবলৈ প্ৰস্তুত কৰা হৈছে ৷ এইটো "জমিদাৰী"ৰ নতুন এক নতুন ৰূপ আৰু মোডী জীৰ 'বন্ধুবৰ্গ' নতুন ভাৰতৰ 'জমিদাৰ ৷' কৃষি বজাৰ হ্ৰাস পাইছে, দেশৰ খাদ্য সুৰক্ষাও নাইকীয়া কৰি দিয়া হৈছে ৷"

লগতে পঢ়ক: জন্মদিনৰ উপহাৰ হিচাপে 'দো গজ কি দূৰী' বৰ্তাই ৰখাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.