দিল্লী, ২০ জুন : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ দাবীতেই ভাৰতে "চীনৰ আগ্ৰাসনৰ সন্মুখত আত্মসমৰ্পণ কৰিছে" । সর্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছে । শনিবাৰে কেন্দ্ৰীয় চৰকাৰে এক বিবৃতিত প্ৰকাশ কৰে এই কথা ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে চীনৰ লগত এখন সর্বদলীয় বৈঠকত মিলিত হোৱাৰ পাছত চীনা সেনাই ভাৰতৰ ভূখণ্ডত প্রৱেশ কৰা নাছিল বুলি উল্লেখ কৰিছিল । কেন্দ্ৰীয় চৰকাৰে বিবৃতিখনত প্রকাশ কৰে যে,প্ৰধানমন্ত্ৰী প্রকৃত নিয়ন্ত্ৰণ ৰেখা উলংঘন কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা স্পষ্টভাবে উল্লেখ কৰিছিল । প্রকৃততে পূৰ্বতে ৰাষ্ট্ৰীয় সন্মানক লৈ কৰা উপেক্ষাৰ পৰিৱৰ্তে বৰ্তমান ভাৰতীয় সেনা সীমান্তত যিকোনো অনৈতিক কাৰ্যৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু আছে ।
বিবৃতিখনত ভাৰতীয় সেনাই সীমান্ত ৰক্ষাত নিয়োজিত হৈ থকাৰ সময়ত কিছুমান অযুক্তিকৰ বিতৰ্কৰে তেওঁলোকৰ মনোবলক হ্রাস কৰাৰ চেষ্টা কৰা হৈছে বুলি অভিযোগ কৰা হয় ।
লগতে চাওকঃ বাঘজান তৈলক্ষেত্ৰ বন্ধৰ নিৰ্দেশ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ