ETV Bharat / bharat

CAA ৰ বিৰুদ্ধে আন্দোলন কৰি গৃহ মন্ত্ৰালয়ৰ ৰোষত বিদেশী ছাত্ৰী - গৃহ মন্ত্ৰালয়ৰ

ভাৰত ত্যাগ কৰিবলৈ জাননী প্ৰেৰণ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ত অধ্যয়নৰত বাংলাদেশী ছাত্ৰীৰ বিৰুদ্ধে ৷ চৰকাৰ বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত এই জাননী প্ৰেৰণ কৰা হৈছে বুলি প্ৰকাশ গৃহ মন্ত্ৰালয়ৰ ৷

Govt tells B'deshi student to leave India for taking part in anti-CAA protest
'কা'ৰ বিৰুদ্ধে আন্দোলন কৰি গৃহমন্ত্ৰালয়ৰ ৰোষত বিদেশী ছাত্ৰী
author img

By

Published : Feb 28, 2020, 9:42 PM IST

নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰীঃ ভাৰতৰ গৃহ মন্ত্ৰালয়ে আফচাৰা এ মিম নামৰ ভাৰতত অধ্যয়নৰত ছাত্ৰী এগৰাকীৰ বিৰুদ্ধে ভাৰত ত্যাগৰ জাননী প্ৰেৰণ কৰিছে ৷ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে চৰকাৰ বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত প্ৰেৰণ কৰা হৈছে এই জাননী ৷ 29 ফেব্ৰুৱাৰীৰ ভিতৰত ছাত্ৰী গৰাকীক ভাৰত ত্য়াগ কৰিবলৈ জাননী খনত উল্লেখ কৰা হৈছে ৷ গৃহ মন্ত্ৰালয়ৰ অন্তৰ্গত বিদেশী ক্ষেত্ৰীয় পঞ্জীয়ণ কাৰ্যালয়,কলিকতাৰ পৰা এই জাননী প্ৰেৰণ কৰিছে ৷ জাননীখনত উল্লেখ কৰা অনুসৰি বাংলাদেশী ছাত্ৰীগৰাকীৰ চৰকাৰ বিৰোধী কাৰ্যকলাপে VISA নীতি উলংঘণ কৰিছে ৷

বিদেশী আইনৰ 3 নং বিধি অনুসৰি প্ৰেৰণ কৰা জাননীখন ছাত্ৰীগৰাকীয়ে লাভ কৰাৰ 15 দিনৰ ভিতৰত ভাৰত ত্য়াগ কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে ৷ লগতে এই নিৰ্দেশনাত কোৱা হৈছে যে, নিৰ্দেশনাৰ প্ৰতি অসন্মতি প্ৰকাশ কৰিলে বিদেশী আইন 1946 অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ উল্লেখ্য যে, মিমে 8 ফেব্ৰুৱাৰীত CAA বিৰোধী এক প্ৰতিবাদত অংশ লৈছিল ৷

দিল্লী আৰক্ষীৰ হেড কনিষ্টবল ৰতন লালক শ্বহীদৰ মৰ্যদা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.