নিউজ ডেস্ক,১৩ জুনঃ Ministry of Environment,Forest and Climate Change (MoEFCC) য়ে কয়লা খননৰ ক্ষেত্রত কেতবোৰ গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা জাৰি কৰিছিল। তাৰ বিৰুদ্ধে কংগ্ৰেছৰ সাংসদ আৰু প্ৰাক্তন কেন্দ্ৰীয়মন্ত্ৰি জয় ৰাম ৰমশে কয় যে এনেবােৰ সিদ্ধান্তই জীৱ কুললৈ ভাবুকি মাতি আনিব আৰু আকস্মিক ভাৱে বতৰ পৰিৱৰ্তন হৈ পৰিব কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে শনিবাৰে ।
![সাংসদ জয় ৰাম ৰমেছে পৰিবেশ প্ৰদূষৰ সম্বন্ধে নিজৰ স্থিতি জনাই প্ৰত্র প্ৰেৰন কেন্দ্ৰীচৰকাৰলৈ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/nat-jairamrameshletter-13062020-niyamika_13062020124946_1306f_00869_381.jpg)
জয় ৰাম ৰমশে বিষয়টোৰ সন্দৰ্ভত কেন্দ্ৰীমন্ত্ৰী প্ৰকাশ জাৱেড়কাৰলৈ এখন প্ৰত্র প্ৰেৰণ কৰে সকলোবোৰ বিষয় সামৰি । ইপিনে জাৱেড়কাৰক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই নহ'লে অনাগত দিনত ভয়াৱহ এক প্ৰাকৃতিক পৰিৱৰ্তন হ'ব বুলি জয় ৰাম ৰমেশে আশংকা প্ৰকাশ কৰিছে । কয়লা খনৰ আৰু নিষ্কাষনৰ সময়ত যি দৰে গেছ আৰু ধোঁৱাৰ নিৰ্গমণ হ'ব তাৰ পৰা বহু পৰিমাণে বায়ু প্ৰদূষণ হ'ব । তাৰ পৰা গোলকীয় উত্তাপ বৃদ্ধিৰ লগতে জীৱ কূলৰ প্ৰতি ভাবুকি নামি আহিব বুলি বিভিন্ন সচেতন মহলৰ লগতে পৰিৱেশ বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে ।
লগতে পঢকঃ নিৰ্লজ্জ ! পিতৃয়ে ধৰ্ষণ কৰিলে বিশেষভাৱে সক্ষম নাবালিক কন্যাক