নেশ্যনেল ডেস্ক, ১২ ডিচেম্বৰ : ১৭ দিন ধৰি দিল্লীত কৃষি আইনৰ বিৰোধিতাৰে কৃষকৰ প্ৰতিবাদ অব্যাহত আছে । শনিবাৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কেন্দ্ৰীয় চৰকাৰে কৃষকৰ কল্যাণৰ বাবে কৃষি আইন প্ৰণয়ন কৰা বুলি মন্তব্য কৰি কৃষকসকললৈ পুনৰ এক বাৰ্তা প্ৰেৰণ কৰে । ১০ সংখ্যক ইণ্টেলিজেঞ্চ নলেজ ছামিটত অংশ লৈ তেওঁ কয় যে, চৰকাৰে কৃষকৰ হিত সাধনৰ বাবে এই ৩ খন কৃষি আইন সংশোধন আৰু প্ৰণয়ন কৰিছে । কৃষি ক্ষেত্ৰৰ উন্নয়নৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ।
কৃষকসকলৰ জীৱনলৈ পৰিৱৰ্তন আনিবলৈ কৃষি আইন প্ৰণয়ন কৰা হৈছে । ২০২২ চনলৈকে কৃষকৰ আয় দুগুণ বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰে প্ৰথম পদক্ষেপ হিচাপে এই আইন প্ৰণয়ন কৰিছে । প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধিৰ অধীনত সমগ্ৰ দেশৰ কৃষকৰ মাজত ১০.৫ কোটি টকা বিতৰণ কৰা হৈছে । তেওঁ লগতে কয় যে, কৃষকৰ বাবে ডাটা বেংকৰো ব্যৱস্থা কৰা হৈছে, যি কৃষকক ঘৰতে গৈ প্ৰয়োজনীয় তথ্য যোগান ধৰিব ।
চৰকাৰৰ একমাত্ৰ উদ্দেশ্য হৈছে কৃষকৰ বিত্তীয় অৱস্থা উন্নত কৰা আৰু নৱ প্ৰজন্মক কৃষিৰ প্ৰতি আকৰ্ষিত কৰা । বছৰ বছৰ ধৰি কৃষকেই দেশৰ শক্তি বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, গ্ৰামাঞ্চলত ক'ল্ড ষ্ট'ৰেজ, ৱেৰহাউচ, গ্ৰেডিং, পেকেজিং ইউনিট স্থাপন কৰা হ'ব । খাদ্য সংৰক্ষণৰ বাবে ১০,০০০ কোটি টকা ব্যয়েৰে এক আঁচনি ৰূপায়ণ কৰা হ'ব, যি সঠিক সময়ত কৃষকক শস্য বিক্ৰী কৰাত সহায় কৰিব আৰু তেওঁলোকে উচিত মূল্য লাভ কৰিব । কৃষি মন্ত্ৰীগৰাকীয়ে ইয়াকো কয় যে, চৰকাৰে কৃষকৰ কল্যাণৰ বাবে ৫০,০০০ টকাৰ আঁচনি গ্ৰহণ কৰিছে, যাৰ জৰিয়তে কৃষকৰ স্বাৰ্থত এটাৰ পিছত আনটো পদক্ষেপ গ্ৰহণ কৰা হ'ব ।