নিউজ ডেস্ক, ২৭ জুনঃ শুকুৰবাৰে ভাৰতৰ বিমান সংস্থাসমূহৰ যাত্ৰীবাহী বিমানত ৪৫ শতাংশলৈকে যাত্ৰী বঢ়োৱাৰ অনুমতি প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে । আভ্যন্তৰীণ বিমান পৰিচালনা আৰু বৰ্তমান স্থিতিৰ সমীক্ষা কৰিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সদৰি কৰে কেন্দ্ৰীয় চৰকাৰে ।
এটি চৰকাৰী সূত্ৰই ইটিভি ভাৰতক অৱগত কৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে এই সিন্ধান্ত বিমান যাত্ৰাৰ চাহিদাৰ তুলনাত আভ্যন্তৰীণ বিমান যাত্ৰাৰ বৰ্তমান স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হয় বুলি সদৰি কৰে ।
![আভ্যন্তৰীণ বিমান যাত্ৰা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7787146_412_7787146_1593200595443.png)
আনহাতে,ইণ্ডিগোৰ চিচিঅ উইলি বলটলাৰে শুকুৰবাৰে ওয়েবিনাৰক উদ্দেশ্য কয় যে,ভাৰতীয় বিমান যাত্ৰাত বিভিন্ন সমস্যা তথা কৰ'ণা সংকটৰ সময়তো ভাল তথা লাভদায়ক ফল পোৱা বুলি উল্লেখ কৰে । লগতে যাত্ৰী সকলে এটা দশকৰ তুলনাত কম মূল্যত সমগ্ৰ দেশতে নিৰাপদে ভ্ৰমণ কৰিব পাৰিব বুলিও জানিবলৈ দিয়ে উইলি বলটলাৰে।
তাৰোপৰি নাগৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে কয় যে,বিনান যাত্ৰাৰ টিকটৰ মূল্য নিয়ন্ত্ৰণ কৰা হ'ব । এটি নিৰ্ধাৰিত যাত্ৰাৰ বাবে সৰ্বনিম্ন তথা সৰ্বাধিক বিমান যাত্ৰাৰ টিকটৰ মূল্য নিৰ্দিষ্ট পৰিসৰত থাকিব ।
উল্লেখ্য যে, দেশত লক ডাউনৰ পাচত আৰম্ভ হোৱা আভ্যন্তৰীণ বিমান পুনৰ আৰম্ভ হোৱা এমাহ পাচতে দেশত প্ৰায় ১৯ লাখ যাত্ৰীয়ে বিমান যাত্ৰা কৰে । বিগত ২৫ মে 'ৰ পৰা ২৫ জুনলৈ প্ৰায় ২১,৩০০ খন বিমানত ১৮,৮ লাখ যাত্ৰীয়ে আভ্যন্তৰীণ বিমান যাত্ৰা কৰে বুলি মত প্ৰকাশ কৰে হৰদ্বীপ সিং পুৰীয়ে । লগতে আভ্যন্তৰীণ বিমান যাত্ৰা ৫৫ শতাংশলৈ বৃদ্ধি কৰা পাচতে আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰা পুনৰ আৰম্ভ কৰিব বুলিও প্ৰকাশ কৰে পুৰীয়ে ।