ETV Bharat / bharat

বৰপেটাৰ গৌৰাংগলাল দাস হ'ব টাইৱানত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত - মেধাৱী ছাত্ৰ

ভাৰত-চীনৰ সীমা বিবাদে সংঘাতৰ সৃষ্টি কৰি অহাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ জ্যেষ্ঠ বিদেশ সেৱা বিষয়া তথা কূটনীতিবিদ গৌৰাংগলাল দাসক টাইৱানৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছে । গৌৰাংগলাল দাস বৰ্তমান দিল্লীস্থিত বিদেশ মন্ত্ৰণালয়ত আমেৰিকা আৰু কানাডা পৰিক্ৰমাৰ যুটীয়া সচিব হিচাপে দায়িত্ব পালন কৰি আছে ।

Gourangalal Das likely to be new envoy to Taiwan
বৰপেটাৰ গৌৰাংগলাল দাস হ'ব টাইৱানত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
author img

By

Published : Jul 13, 2020, 7:39 PM IST

নিউজ ডেস্ক,১৩ জুলাই: টাইৱানত ভাৰতৰ ৰাষ্ট্ৰদূত ৰূপে দায়িত্ব ল’ব এজন এসম সন্তানে। এইগৰাকী অসম সন্তান হৈছে গৌৰাংগলাল দাস। গৌৰাংগলাল দাসৰ ঘৰ বৰপেটা জিলাত। সৰুৰে পৰাই অতি মেধাৱী ছাত্ৰ আছিল গৌৰাংগলাল দাস। উল্লেখ্য যে, ১৯৯১ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰিছিল তেওঁ ।

Gourangalal Das likely to be new envoy to Taiwan
বৰপেটাৰ গৌৰাংগলাল দাস হ'ব টাইৱানত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত

১৯৯৯ চনৰ পৰা বিদেশ সেৱাত নিযুক্ত গৌৰাংগলাল দাসে টাইৱানৰ ৰাজধানী টাইপেইত ইণ্ডিয়া-টাইপেই এছ’চিয়েচনৰ সঞ্চালক প্ৰধান হিচাপে যোগদান কৰিব । বহু বছৰ ৱাছিংটনৰ ভাৰতীয় দূতাবাসটো কৰ্মৰত হৈ আছিল গৌৰাংগলাল দাস । শত্ৰুৰ শত্রুক বন্ধুত্বৰ হাত আগবঢ়োৱাৰ চাণক্য নীতিক সৰোগত কৰি ভাৰতে এজন জ্যেষ্ঠ কূটনীতিবিদক টাইপেইলৈ প্ৰেৰণ কৰাৰ কাৰ্যই যথেষ্ঠ তাৎপৰ্য বহন কৰিছে ।

লগতে চাওকঃ অখিল গগৈঃ আমৰণ অনশন দুই সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.