জোনাই,১০ জুনঃ ক'ৰণা প্ৰতিৰোধী সংগ্ৰামখনত চৰকাৰৰ তৎপৰতাৰ সমান্তৰালভাৱে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে দেশবাসীয়েও । মহামাৰী ক'ৰণাক উৎখাট কৰাৰ স্বাৰ্থত দেশবাসীয়ে নিস্বাৰ্থভাৱে দিনে নিশাই হাত উজান দিছে প্ৰতিৰোধী সংগ্ৰামত । এনে পৰিস্থিতিৰ মাজতে অৰুণাচল প্ৰদেশৰ এজন শিক্ষকৰ কৰ'না প্ৰতিৰোধী সংগ্ৰামৰ বাবে আগবঢ়োৱা অৱদানে অনুপ্ৰাণিত কৰিছে সকলোকে ।

ৰাজ্যখনৰ পূৱ চিয়াং জিলাৰ ৰুকচিন মহকুমাৰ ঙৰ্লুং গাঁৱৰ চৰকাৰী শিক্ষক জন পায়েঙে এতিয়া ক'ৰণাৰ সামাজিক সংক্ৰমণ ৰোধৰ বাবে এককভাৱেই নামি পৰিছে যুদ্ধক্ষেত্ৰত । সচেতন শিক্ষকজনে গাঁৱৰ প্ৰৱেশ পথত নিজাববীয়াকৈ থাৰ্মেল স্ক্ৰীনিং কেন্দ্ৰ স্থাপন কৰি ব্যৱস্থা কৰিছে বাটৰুৱাৰ স্বাস্থ্য পৰীক্ষাৰ । গাঁৱৰ মূল পথেদি অহা যোৱা কৰা লোকসকলক যাৱতীয় সুৰক্ষামূলক ব্যৱস্থাৰ মাজেৰে স্বাস্থ্য পৰীক্ষা কৰি শিক্ষকজনে অৱ্যাহত ৰাখিছে ক'ৰণা প্ৰতিৰোধৰ চেষ্টা।
প্ৰখৰ ৰ'দ,ধাৰাষাৰ বৰষুণক নেওচি শিক্ষক জন পায়েঙে তিলমানো বিচলিত হোৱা নাই নিজ দায়িত্বৰ পৰা। অৱশ্যে শিক্ষকজনৰ এনে হিতকামী কৰ্মত সম্পূৰ্ণ সহযোগিতা কৰিছে অঞ্চলটোৰ একাংশ সচেতন লোকে । উল্লেখযোগ্য যে,শিক্ষক জন পায়েঙ পূৰ্বে আদি বানে কৌবাঙৰ যুৱ মৰ্চাৰ জৰিয়তেে স্বাস্থ্য পৰীক্ষা সম্বন্ধীয় এক প্ৰশিক্ষনৰ দ্বাৰা পৰিপুষ্ট । শিক্ষকজনৰ এনে সময়োপযোগী পদক্ষেপক সম্প্ৰতি সকলোৱে শলাগ লৈছে ।
লগতে চাওকঃ বাঘজান কাণ্ডৰ উচ্চস্তৰীয় কমিটি গঠন