ETV Bharat / bharat

54,000 টকালৈ বৃদ্ধি পালে সোণৰ মূল্য, ৰূপত বৃদ্ধি 2,854 টকাকৈ

author img

By

Published : Jul 31, 2020, 5:39 PM IST

দিল্লীত প্ৰতি 10 গ্ৰাম সোণৰ মূল্য 687 টকা বৃদ্ধি পাই 54,538 টকা হ'লগৈ ৷ 2,854 টকাকৈ বৃদ্ধি পাই প্ৰতি কিল'গ্ৰাম ৰূপৰ মূল্য হ'ল 65,910 টকা ৷

ৰূপত বৃদ্ধি 2,854 টকাকৈ
54,000 টকালৈ বৃদ্ধি পালে সোণৰ মূল্য

নেশ্যনেল ডেস্ক, 31 জুলাই : দেশৰ ৰাজধানী দিল্লীত প্ৰতি 10 গ্ৰাম সোণৰ মূল্য 687 টকা বৃদ্ধি পাই 54,538 টকা হ'লগৈ ৷ আন্তৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য বৃদ্ধিৰ ফলত ভাৰতীয় বজাৰতো বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে HDFC Securities য়ে ৷ পূৰ্বে প্ৰতি 10 গ্ৰাম সোণৰ মূল্য আছিল 53,851 টকা ৷

আনহাতে, ৰূপৰ মূল্যও বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ 2,854 টকাকৈ বৃদ্ধি পাই প্ৰতি কিল'গ্ৰামত 65,910 টকা হ'লগৈ ৰূপৰ মূল্য ৷ বৃহস্পতিবাৰে প্ৰতি কিল'গ্ৰাম ৰূপৰ মূল্য আছিল 63,056 টকা ৷

HDFC Securities ৰ জ্যেষ্ঠ বিশ্লেষক (পণ্য সামগ্ৰী) তপন পেটেলে কয়, "আন্তৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য বৃদ্ধি পোৱাৰ ফলত দিল্লীত 24 কেৰেট সোণৰ মূল্য 687 টকাকৈ বৃদ্ধি পালে ৷"

আন্তৰাষ্ট্ৰীয় বজাৰত প্ৰতি আউন্স সোণৰ মূল্য 1,976 আমেৰিকান ডলাৰ আৰু প্ৰতি আউন্স ৰূপৰ মূল্য 24 আমেৰিকান ডলাৰকৈ বিক্ৰী হৈ আছে ৷

লগতে পঢ়ক : শ্বাসৰুদ্ধকৰ উশাহ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.