নেশ্যনেল ডেস্ক, ১৪ ডিচেম্বৰ : তামিলনাডুৰ কাঞ্চিপুৰম জিলাৰ এটি ঐতিহ্যমণ্ডিত মন্দিৰত উদ্ধাৰ হৈছে প্ৰায় আধা কেঃজিঃতকৈও অধিক সোণ । জিলাখনৰ উথিৰামিৰুৰস্থিত এটি শিৱ মন্দিৰৰ মেৰামতিৰ কাম চলি থকাৰ সময়তে কৰ্মৰত এগৰাকী লোকে কিবা বস্তু থকাৰ কথা উমান পায় । ইয়াৰ পিছতে ভালদৰে চোৱাত সোণখিনি দেখা পায় আৰু উলিয়াই আনে । ঘটনাৰ বিষয়ে খবৰ পোৱাৰ পিছতে বিভাগীয় বিষয়া উপস্থিত হয় ।
কিন্তু স্থানীয় লোক আৰু ভক্তসকলে সোণৰ সামগ্ৰীখিনি চৰকাৰক দিবলৈ অমান্তি হয় । মন্দিৰৰ মেৰামতি সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোকে সোণখিনি পুনৰ আগৰ ঠাইত থৈ দিব বিচাৰিছিল । মন্দিৰৰ খটখটীৰ তলত সোণ থকাতো তেওঁলোকে ভাল লক্ষণ বুলি বিশ্বাস কৰে । গাঁওবাসীৰ বিৰোধিতাৰ বাবে বিভাগীয় বিষয়াই গাঁৱলৈ আৰক্ষী বাহিনীক মাতে আৰু সোণখিনি জব্দ কৰে । আনহাতে, বহু লোকৰ মতে, গাঁৱৰ কিছুমান লোকে উদ্ধাৰ হোৱা সোণৰ কিছু অংশ লৈ গৈছে ।
লোকবিশ্বাস মতে, কুজাম্বেস্বৰাৰ মন্দিৰ উথিৰামিৰুৰত দ্বিতীয় কুলোথুংগা চ'লাৰ শাসন কালত নিৰ্মাণ কৰা হৈছিল । ৰাজহ বিভাগৰ অনুমতি অবিহনে ৫০০ বছৰ পুৰণি মন্দিৰটোৰ মেৰামতিৰ কৰাৰ সিদ্ধান্ত লৈছিল ৰাইজে । সোণখিনি জব্দ কৰাৰ পিছত ৰাজহ বিষয়াই কয় যে, এই ধাতুখিনি সোণৰ দৰে দেখাত আৰু ৰাইজৰ প্ৰতিবাদ অব্যাহত থকাৰ বাবে ধাতুখিনি জোখাতো সম্ভৱ নহয় । চেইন সদৃশ অলংকাৰৰ লগতে বিভিন্ন আকৃতিৰ সামগ্ৰী আছে । আনহাতে আৰক্ষীয়ে পিছত প্ৰকাশ কৰা মতে, ৫৬৫ গ্ৰাম সোণ উদ্ধাৰ হৈছে । সোণখিনি মন্দিৰ কৰ্তৃপক্ষক ওভতাই দিবনে নাই সেই বিষয়ে পৰৱৰ্তী সময়ত ৰাজহ বিষয়ে জনাব ।
লগতে পঢ়ক:আন্তঃৰাষ্ট্ৰীয় পৰ্বত দিৱস উপলক্ষে স্ন' চাইক্লিং প্ৰতিযোগিতা