নতুন দিল্লী, 16 চেপ্তেম্বৰঃ জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গুলাম নবী আজাদক শ্ৰীনগৰ, বাৰামুলা, অনন্তনাগ আৰু জম্মু ভ্ৰমণৰ সন্মতি প্ৰদান উচ্চতম ন্যায়ালয়ৰ৷ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে জনায় যে- "জ্যেষ্ঠ নেতাগৰাকীয়ে জনোৱা অনুসৰি, তেখেতে নিজৰ ভ্ৰমণ কালত কোনো ধৰণৰ ৰাজনৈতিক ভাবে উদ্দেশ্য প্ৰণোদিত অথবা প্ৰৰোচনামুলক বক্তব্য প্ৰদান তথা জনসমাৰোহতো অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব ৷" গুলাম নবী আজাদেও লগতে কয় যে, তেখেতে কেৱল জম্মু-কাশ্মীৰত থকা তেখতৰ আত্মীয় আৰু সাধাৰণ জনতাৰ পৰিস্থিতিৰ বুজ লোৱাৰ বাবেহে কাশ্মীৰলৈ যাব ৷
কাশ্মীৰ সন্দৰ্ভত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয় যে, প্ৰয়োজনত তেখেতে নিজেই জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব ৷
উল্লেখযোগ্য যে, জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীয়ে কিছুদিনৰ পূৰ্বে ৰাহুল গান্ধীৰ নেতৃত্বত কাশ্মীৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লোৱাৰ বাবে যাব ওলোৱা বিৰোধী প্ৰতিনিধি দলৰ সদস্য আছিল ৷ কিন্তু প্ৰশাসনে প্ৰতিনিধিৰ দলটোক শ্ৰীনগৰৰ বিমানবন্দৰৰ পৰাই দিল্লীলৈ উভতাই পঠাই ৷